ঐতিহাসিক পাটবাউসী সত্ৰৰ সন্মুখত বৃহৎ গাঁত - Dilapidated Road In Barpeta - DILAPIDATED ROAD IN BARPETA
🎬 Watch Now: Feature Video
Published : Jun 11, 2024, 10:30 PM IST
বৰপেটা,১১ জুন: বৰপেটাৰ ঐতিহাসিক পাটবাউসী সত্ৰবাসীক জলাকলা খুৱাইছে এটা গড়কাপ্টানী পথে ৷ ঐতিহাসিক দামোদৰদেৱ সত্ৰৰ সন্মুখৰ পৰা কেওটকুছি সত্ৰ সংযোগী পথটোৰ দুৰৱস্থাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যমৰ-যাতনা ভুগিবলগীয়া হৈছে সত্ৰখনৰ ভকত বৈষ্ণৱ, তীৰ্থযাত্ৰীৰ লগতে স্থানীয় ৰাইজে । সত্ৰখনৰ সন্মুখৰ পথছোৱাত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাঁতৰ বাবেই সত্ৰখনলৈ নিয়মিত অহাযোৱা কৰা ভকত আৰু আইসকলৰ লগতে সত্ৰবাসী ৰাইজ ভীষণ সমস্যাত পৰিছে ৷
বিশেষকৈ অগপ চৰকাৰৰ প্ৰথমটো কাৰ্যকালতে নিৰ্মাণ কৰা পথটো দীৰ্ঘ ৩৫ বছৰ ধৰি পুনৰ নিৰ্মাণ নহ'ল ৷ ফলত এজাক বৰষুণতে বানসদৃশ পৰিৱেশৰ সৃষ্টি হোৱাত সত্ৰলৈ নিতৌ নাম-প্ৰসংগৰ বাবে অহা ভকত-বৈষ্ণৱ আৰু আই-মাতৃসকলে জীয়াতু ভুগিব লগা হৈছে । অতিশীঘ্ৰে এই পথছোৱা সুচল কৰি বৃহত্তৰ পাটবাউসী ৰাইজক কৃতাৰ্থ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ জনাই সত্ৰখনৰ ভকত-বৈষ্ণৱ আৰু আই-মাতৃসকলে ।