পুনৰ ব্ৰহ্মপুত্ৰত আৱদ্ধ যাত্ৰীবাহী ফেৰী - ferry stuck in brahmaputra

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 4:23 PM IST

thumbnail

মাজুলী, ২৩ মাৰ্চ: ব্ৰহ্মপুত্ৰত পুনৰ অঘটন । মাজুলীত ব্ৰহ্মপুত্ৰত আৱদ্ধ হৈছে যাত্ৰীবাহী ফেৰী ।  যাত্ৰীবাহী ফেৰীখনৰ ইঞ্জিন বিকল হোৱাৰ বাবেই আবদ্ধ হৈ পৰে ব্ৰহ্মপুত্ৰৰ মাজত । ব্ৰহ্মপুত্ৰতৰ বুকুত ইঞ্জিন বিকল হৈ আবদ্ধ হোৱা যাত্ৰীবাহী ফেৰীখন এছ বি ঘনশ্যাম । লগে লগে ইয়াত থকা যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

শনিবাৰে দিনৰ ১.৪৫ বজাত নিমাতীৰ পৰা কমলাবাৰী ফেৰীঘাটলৈ আহি আছিল ফেৰীখন । কমলাবাৰীঘাটৰ নিচেই কাষতে আবদ্ধ হৈ আছে ফেৰীখন । ফেৰীখনত আছে ৯৮ গৰাকী যাত্ৰীৰ উপৰি ২৫খন মটৰ চাইকেল আৰু ৩খন চাৰিচকীয়া বাহন । ইয়াৰ পিচতেই কমলাবাৰীঘাটৰ পৰা ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীয়ে ফেৰীখন উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে ।

লগতে পঢ়ক:অফলামুখৰ পৰা নিমাতীৰ মাজত সন্ধিয়াৰ ভাগতো চলিব ফেৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.