thumbnail

লেকু নদীৰ ধ্বংসলীলা : শংকিত জোনাইবাসী - Leku River Erosion

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 4:16 PM IST

জোনাই, 19 জুলাই : জোনাইৰ লেকু নদীৰ সংহাৰ ৷ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা বৈ অহা খৰস্ৰোতা লেকু নদীয়ে এফালে পবা সংৰক্ষিত বনাঞ্চল আৰু আনফালে লেকু জেলম অঞ্চলৰ ঠায়ে ঠায়ে সৃষ্টি কৰিছে ব্যাপক খহনীয়াৰ ৷ ফলত শংকিত হৈ পৰিছে লেকু নদীৰ কাষতে বসবাস কৰা ৰাইজ ৷ কাৰণ লেকু নদীৰ কাষত থকা মথাউৰিলৈ মাজত প্ৰায় 70-80 ফুটহে বাকী আছে ৷

জানিব পৰা মতে, বিভিন্ন সময়ত লেকু নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিক বহুবাৰ আবেদন -নিবেদন কৰা হৈছে ৷ কিন্তু ইয়াৰ পিচতো আজিকোপতি কোনেও কোনোধৰণৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

ফলত দিনক দিনে বৃদ্ধি পাইছে লেকু নদীৰ খহনীয়াৰ ধ্বংসলীলা ৷ সেয়ে সময় থাকোতেই বিভাগীয় কৰ্তৃপক্ষক লেকু নদীৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : য'তে ত'তে ছেলফী উঠি থকাতকৈ মুখ্যমন্ত্ৰী বেঁকী নৈৰ পাৰলৈ আহক : অখিল গগৈ - Erosion in Kalgachia

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.