মৰাণত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত বৃদ্ধা - Japanese Encephalitis - JAPANESE ENCEPHALITIS
🎬 Watch Now: Feature Video
Published : Jul 18, 2024, 1:57 PM IST
মৰাণ,১৮ জুলাই : ৰাজ্যৰ বিভিন্ন জিলাত বান আৰু খহনীয়াৰ সংহাৰ অব্যাহত আছে । কোনো কোনো স্থানত বানৰ জটিল ৰূপ নাই আৰু স্বাভাৱিক অৱস্থা ঘূৰি আহিছে । কিন্তু সেই অঞ্চলবোৰত আন আন সমস্যাই দেখা দিছে । বিশেষকৈ মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছে ।
ডিব্ৰুগড় জিলাখনত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও বানপীড়িত ৰাইজ এতিয়া এনে ধৰণৰ জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে । জটিল ৰোগৰ প্ৰাদুৰ্ভাৱত জিলাখনৰ বিভিন্ন ঠাইত জীৱ-জন্তুৰ মৃত্যু হোৱাৰ পিচত এইবাৰ মৰাণত জাপানীজ এনকেফেলাইটিছত এগৰাকী বৃদ্ধা আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে ।
আক্ৰান্ত বৃদ্ধাগৰাকী মৰাণৰ ১ নং তিলৈজান গাঁৱৰ ৭৬ বছৰীয়া গণিতা হাজৰিকা বুলি জানিব পৰা গৈছে । বৃদ্ধাগৰাকী সম্প্ৰতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে । খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা ইতিমধ্যে আক্ৰান্ত বৃদ্ধাগৰাকীৰ গাঁওখনত বিভিন্ন ধৰণৰ সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিছে আৰু ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা হাতত লৈছে ।