ETV Bharat / state

ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো চৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠানত বাধ্যতামূলক হ’ব অসমীয়া বিষয় - ASSAM ACCORD CLAUSE 6

বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ ৫২ টা পৰামৰ্শৰ ৩৮ টা সন্দৰ্ভত আছুৰ সৈতে নিৰ্দিষ্ট সিদ্ধান্ত উপনীত চৰকাৰ ৷ এপ্ৰিলৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ’ব তৃতীয়লানি বৈঠক ৷

ASSAM ACCORD CLAUSE 6
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 16, 2025, 10:11 PM IST

Updated : Feb 16, 2025, 10:41 PM IST

গুৱাহাটী: "সময়বদ্ধ প্ৰক্ৰিয়াৰ মাজেৰে ৰূপায়ন কৰা হ’ব বিপ্লৱ শৰ্মা আয়োগৰ অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন ৷" এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । দেওবাৰে কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, "অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন ৰূপায়ন সন্দৰ্ভত আছুৰ সৈতে এক দীঘলীয়া বৈঠক অনুষ্ঠিত হয় । এই প্ৰতিবেদনৰ ৫২ টা পৰামৰ্শ ৰাজ্য চৰকাৰৰ লগত জড়িত । তাৰ ভিতৰত ৩৮ টা পৰামৰ্শত নিৰ্দিষ্ট সিদ্ধান্ত উপনীত হ’বলৈ সক্ষম হয় । তাৰ পৰিপ্ৰেক্ষিতত অহা ১০ মাৰ্চত বাজেট আৰু চৰকাৰী অধিসূচনা আৰু আইনৰ জৰিয়তে ৩৮ টা পৰামৰ্শ কাৰ্যত পৰিণত কৰাৰ বাবে চৰকাৰে সময়বদ্ধ কাৰ্যসূচীৰে আগবাঢ়িব ।"

তেওঁ আৰু কয়, "৫২ টাৰ ভিতৰত ৰৈ যোৱা ১৪ টা পৰামৰ্শ ওপৰত আছুৰ নেতৃত্বৰ সৈতে ১০ মাৰ্চৰ আগত এখন বৈঠক অনুষ্ঠিত হ'ব । অসম বিধানসভাৰ অধিবেশনৰ পৰিপ্ৰেক্ষিতত আমি বিধানসভা সামৰণি পৰাৰ পিছত এপ্ৰিলৰ প্ৰথম সপ্তাহত আছুৰ লগত তৃতীয় লানি বৈঠক অনুষ্ঠিত কৰি আমি প্ৰতিবেদনৰ ৫২ টা পৰামৰ্শ সহমতৰ জৰিয়তে ৰূপায়ন কৰিবলৈ সক্ষম হম বুলি আশা কৰিছো ।"

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Etv Bharat Assam)

সংবাদমেলত তেওঁ লগতে কয়, "আজি আমি বৈঠকৰ জৰিয়তে একমত হৈ অসমীয়া চৰকাৰী ভাষা সঞ্চালকালয় পূৰ্ণ পৰ্যায়ৰ সঞ্চালকালয়লৈ ৰূপান্তৰ কৰা হ'ব । অহা ১৪ এপ্ৰিলৰ পৰা অসমত যি চৰকাৰী আইন, নীতি, জাননী আহিব, সেই জাননীবোৰ ইংৰাজীৰ উপৰিও অসমীয়াত প্ৰকাশ কৰা হ'ব । বৰাকত বেঙ্গলী আৰু বি টি আৰত ইংৰাজী, অসমীয়াৰ উপৰিও বড়ো ভাষাত প্ৰকাশ কৰা হ'ব । আনহাতে চৰকাৰী শিক্ষানুষ্ঠান, বেচৰকাৰী শিক্ষানুষ্ঠান, ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া বিষয় আৰু বি টি আৰত অসমীয়া তথা বড়ো বিষয় পঢ়াটো বাধ্যতামূলক কৰা হ’ব । বৰাক আৰু পাৰ্বত্য জিলা সম্পৰ্কত আজি একো সিদ্ধান্ত গ্ৰহণ কৰা নাই ।"

ইপিনে পুৰণি আইন, বিধি, জাননী আদি গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম চৰকাৰে লগ লাগি পৰ্যায়ক্ৰমে অসমীয়ালৈ ৰূপান্তৰ কৰা হ'ব বুলি মন্তব্য কৰি তেওঁ কয়, "চৰ অঞ্চলৰ মাটি ছাৰ্ভে কৰা হ'ব । আজি ৩৮ টা বিষয়ৰ ওপৰত ঐক্যমত হয় । ইয়াৰ প্ৰতিফলন বিধানসভাত বাজেটত দেখিব ।"

লগতে পঢ়ক: বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ৩৮ টা বিষয়ত মুখ্যমন্ত্ৰীৰে আছুৰ নেতৃত্বৰ আলোচনা

Last Updated : Feb 16, 2025, 10:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.