সঁচা প্ৰমাণিত পৰেশ বৰুৱাৰ বিবৃতি: নলবাৰীতো উদ্ধাৰ বোমাসদৃশ সামগ্ৰী - ULFA I BOMB PLAN

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 3:00 PM IST

Updated : Aug 15, 2024, 3:42 PM IST

thumbnail
নলবাৰীতো উদ্ধাৰ সন্দেহজনক বোমাসদৃশ সামগ্ৰী (ETV Bharat Assam)

নলবাৰী, 15 আগষ্ট: দেশে স্বাধীনতা দিৱস উদযাপন কৰি থকাৰ সময়তে অসমৰ নিষিদ্ধঘোষিত আলফা(স্বা) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই প্ৰকাশ কৰা বিবৃতিয়ে তোলপাৰ লগাইছে অসম আৰক্ষীত ৷ ৰাজ্যৰ প্ৰায় 19 টাকৈ স্থানত বোমা সংস্থাপনৰ কথা স্বীকাৰ কৰিছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা(স্বা) ই ৷ এই খবৰ ৰাজহুৱা হোৱাৰ পিছতে সষ্টম হৈ পৰে আৰক্ষী ৷ লগে লগে বোমা বিচাৰি নিৰ্দিষ্ট স্থানলৈ ঢাপলি মেলে আৰক্ষীয়ে ৷

নলবাৰীতো বোমা সংস্থাপনৰ খবৰ লাভৰ পিছত জিলাখনৰ মাজমজিয়াৰ পুৰণি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰৱেশ কৰা পথত স্নিফাৰ ডগ লৈ উপস্থিত হয় আৰক্ষী ৷ অৱশ্যে খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় জিলা আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাস ৷ পৰেশ বৰুৱাই বিবৃতিত প্ৰকাশ কৰা অনুসৰি, এই পথৰ এখন পৰিত্যক্ত এম্বুলেন্সত বোমা সংস্থাপন কৰা হৈছে ৷ নলবাৰী আৰক্ষীয়ে উক্ত স্থানত থকা এখন 108 এম্বুলেন্সৰ পৰা বোমাসদৃশ সামগ্ৰী উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ক’লা পলিথিনেৰে মেৰিয়াই সামগ্ৰীটো জনসমাগমৰ পৰা নিৰাপদ স্থানলৈ আঁতৰাই নিয়ে ৷ 

আনহাতে, ৰাইজ তথা কোনো লোকৰ মাজত যাতে একো বিক্ষিপ্ত ঘটনা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ মছজিদ চ’কৰ পৰা বাটা চ’কলৈ এন টি ৰোডটো বন্ধ কৰি দিছে আৰক্ষীয়ে ৷ সম্প্ৰতি আৰু তেনে কোনো নিষিদ্ধ সামগ্ৰী ক’ৰবাত আছে নেকি, তাৰ সন্ধানত নলবাৰীৰ এই স্থানত তন্ন-তন্নকৈ আৰক্ষী-প্ৰশাসনে চলাইছে নিৰীক্ষণ ৷ ইতিমধ্যে সেনা বাহিনীকো এই স্থানত নিয়োজিত কৰা হৈছে ৷

লগতে পঢ়ক: শিৱসাগৰৰ দুটাকৈ স্থানৰ পৰা সন্দেহজনক বোমা উদ্ধাৰ আৰক্ষীৰ - ULFA I Bomb plan

Last Updated : Aug 15, 2024, 3:42 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.