thumbnail

ডুমডুমাত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন, অব্যাহত উদ্ধাৰ অভিযান - MISSING IN DOOMDOOMA RIVER

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 9:30 PM IST

তিনিচুকীয়া, 8 জুলাই: তিনিচুকীয়া জিলাৰ ডুমডুমা নৈত মাছ মাৰিবলৈ গৈ সন্ধানহীন হৈছে এজন লোক ৷ সন্ধানহীন হোৱা লোকজন ডুমডুমাৰ সমীপৰ বাদলাবেটা ১০ নং লাইনৰ ৫০ বছৰীয়া অৰুণা পাহাৰীয়া বুলি জানিব পৰা গৈছে ৷ স্থানীয় লোকে জানিব দিয়া অনুসৰি, দুজন লোকে মাছ মাৰিবলৈ গৈছিল ৷ তাৰে এজন পানীত ডুবি যোৱাত আনজনে ওচৰ-চুবুৰীয়াক ঘটনা সন্দৰ্ভত সকলো কথা অৱগত কৰে ৷

লোকজনৰ খবৰৰ ভিত্তিতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় স্থানীয় লোক ৷ স্থানীয় লোকসকলে কিছুসময় লোকজনৰ সন্দৰ্ভত বিচাৰ-খোঁচাৰ আৰম্ভ কৰি যদিও কোনো তথ্য লাভ কৰিবলৈ সক্ষম নহ’ল ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ লগতে এছ ডি আৰ এফৰ এটা দল উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান ৷ বৰ্তমানলৈকে সন্ধানহীন লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই উদ্ধাৰকাৰী দলটোৱে ৷

লগতে পঢ়ক: মাছ মাৰিবলৈ গৈ চিয়াং নদীৰ বুকুত সন্ধানহীন এজন যুৱক - youth missing in siang river

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.