বৃদ্ধি পাইছে ভোগদৈৰ জলস্তৰ, কোবাল সোঁতে প্ৰাণ ল'লে এজনৰ - Death By Drowning

By ETV Bharat Assamese Team

Published : May 29, 2024, 2:16 PM IST

thumbnail
বৃদ্ধি পাইছে ভোগদৈৰ জলস্তৰ, কোবাল সোঁতে প্ৰাণ ল'লে এজনৰ (ETV Bharat Assam)

যোৰহাট,২৯ মে': যোৰহাটৰ লগতে কাষৰীয়া ৰাজ্য নাগালেণ্ড হৈ থকা নেৰানেপেৰা বৰষুণ ফলত বৃদ্ধি পাইছে ভোগদৈ নদীৰ জলস্তৰ । খৰস্ৰোতা ভোগদৈত বুধবাৰে পুৱা এগৰাকী প্ৰাপ্তবয়স্ক ব্যক্তিয়ে গা ধুবলৈ যোৱাৰ সময়তে ভোগদৈৰ কোবাল সোঁতে উটুৱাই লৈ যায় । ভোগদৈ সোঁতে উটুৱাই লৈ যোৱা ফলত সন্ধানহীন হৈ পৰে প্ৰাপ্তবয়স্ক লোকজন । ভোগদৈত সন্ধানহীন হৈ পৰা ব্যক্তিজনৰ নাম জ্যোতি প্ৰসাদ দাস বুলি জানিব পৰা গৈছে ।  

সন্ধানহীন ব্যক্তিজনৰ সন্ধানত SDRF বাহিনীয়ে অভিযান চলায় যদিও সন্ধান উলিওৱাত ব্যৰ্থ হয় । পৰৱৰ্তী সময়ত সন্ধানহীন হৈ থকা স্থানৰ পৰা ১০ কিলোমিটাৰ নিলগৰ এলেংমৰা কাতিয়ামৰচুকত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰা হয় লোকজনৰ মৃতদেহ ।

ভোগদৈত পৰি মৃত্যু হোৱা জ্যোতি প্ৰসাদ দাস সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰীৰ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে চলিত বৰ্ষত বৰ্তমানলৈকে ভোগদৈ নৈৰ কোৱাল সোঁতত পৰি চাৰিজনকৈ লোকে মৃত্যু আকোঁৱালি ল'ব লগা হৈছে । সেয়েহে ভোগদৈক লৈ এতিয়া চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । 

লগতে পঢ়ক: লখিমপুৰত শোকাৱহ ঘটনা, ৰঙানদীত দুই কিশোৰৰ সলিল সমাধি - Death By Drowning

পুখুৰীত উদ্ধাৰ তিনিদিনে নিৰুদ্দেশ হৈ থকা কিশোৰৰ মৃতদেহ - Teenagers DIES BY DROWNING

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.