ডিব্ৰুগড়ত বনৰীয়া ম'হৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ,গুৰুতৰভাৱে আহত এক - Wild Buffalo terror in Assam

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 3:54 PM IST

thumbnail
বনৰীয়া ম'হৰ আক্ৰমণ (ETV Bharat Assam)

মৰাণ,২৯ জুলাই: ডিব্ৰুগড় জিলাৰ বুঢ়ীখোৱাঙত বনৰীয়া ম'হৰ আক্ৰমণত এজন লোকে প্ৰাণ হেৰুৱালে ৷ নিহত ব্যক্তিজন ২ নম্বৰ বুঢ়ীখোৱাং গাঁৱৰ দেৱেশ্বৰ চেলেং (৫৬) ৷ দেওবাৰে বিয়লি পথাৰৰ পৰা আহি থকা অৱস্থাত এটা বনৰীয়া ম'হে আক্ৰমণ কৰাত লোকজন গুৰুতৰভাৱে আহত হয় । সেই সময়তে পথাৰত কাম কৰি থকা লখেন শইকীয়া (৪৫) নামৰ আন এজন লোককো আক্ৰমণ কৰাত দুয়োকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও দেৱেশ্বৰ চেলেঙৰ সোমবাৰে পুৱতি নিশা ৩ বজাত মৃত্য়ু হয় ।  

গুৰুতৰভাৱে আহত দুয়োজনকে প্ৰথমে মৰাণ-তিলৈ সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰা হৈছিল যদিও পাচত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ কিন্তু চিকিৎসাধীন অৱস্থাত আজি পুৱতি নিশা দেৱেশ্বৰ চেলেঙৰ মৃত্যু হয় । এই ঘটনাৰ পিচতে আতংকিত হৈ পৰিছে বুঢ়ীখোৱাং অঞ্চলৰ ৰাইজ ৷  

এই সন্দৰ্ভত এজন স্থানীয় লোকে অভিযোগ কৰি কয়,"বিগত প্ৰায় এমাহে অঞ্চলটোত থিতাপি লোৱা দুটা বনৰীয়া ম'হে গাঁৱৰ কৃষকৰ কঠীয়া,পথাৰৰ ৰোৱা খাই তহিলং কৰিছে ৷ কিন্তু বৰ্তমানলৈকে বন বিভাগৰ লোক উপস্থিত হোৱা নাই অঞ্চলটোত ৷" ৰাইজে শীঘ্ৰে বনৰীয়া ম'হ দুটা খেদিবলৈ জিলা প্ৰশাসন আৰু বন বিভাগক দাবী জনাইছে ।

লগতে পঢ়ক:কোকৰাঝাৰত বনৰীয়া ম'হৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুই - Wild Buffalo terror in Assam

কলিয়াবৰত পুনৰ বনৰীয়া ম'হৰ আতংক - Wild Buffalo Terror In Kaliabor

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.