নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত ৭ বছৰীয়া শিশু - Tiger Attack in Golaghat
🎬 Watch Now: Feature Video


Published : Feb 8, 2024, 10:12 PM IST
গোলাঘাট, 8 ফেব্ৰুৱাৰী : গোলাঘাট জিলাৰ দৈগ্ৰোঙৰ কাঠনিত নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত হৈছে এটি 7 বছৰীয়া শিশু । দৈগ্ৰোঙৰ শ্যামৰাই পুৰ চাহ বাগিচাৰ কাঠনিত সমনীয়াৰ সৈতে খেলপথাৰত বল খেলি থকা অৱস্থাত নিৰঞ্জন ওৰাঙৰ পুত্ৰ ৰাহুল ওৰাং নামৰ 7 বছৰীয়া কণমানিটিক নাহৰফুটুকী বাঘ এটাই আক্ৰমণ কৰে ৷ অৱশ্যে লগৰীয়া বন্ধুৰ বাবে কথমপি প্ৰাণৰক্ষা পৰিল কণমানিটোৰ ।
ঘটনাৰ বিৱৰণী অনুসৰি, ৰাহুলক হঠাৎ কাঠনিৰ জোপাহাৰ পৰা ওলাই অহা এটা এটা নাহৰফুটুকীয়ে আক্ৰমণ কৰে। এই দৃশ্য দেখি ৰাহুলৰ কেইজনমান বন্ধুৱে শিলগুটিৰে নাহৰফুটুকীটোক আক্ৰমণ কৰাত আঁতৰি যায় বাঘটো । লগে লগে ৰাহুলক স্থানীয় কেইজনমান লোকে কাঠনিৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ নাহৰফুটুকী বাঘৰ আক্ৰমণৰ ফলত ৰাহুলৰ পিঠিৰ লগতে শৰীৰৰ কেইবাটাও স্থানত আঘাত পাইছে । এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে এলেকাটোত ৷
লগতে পঢ়ক: কিতাপৰ সুবাস বিলাই পেটৰ ভাত মোকলোৱা এজন সাধাৰণ ব্যক্তিৰ অসাধাৰণ কাহিনী