বায়েকক বিদ্যালয়লৈ আগবঢ়াবলৈ গৈ নশ্বৰ দেহ ওভতিল 7 বছৰীয়া কাইছৰ - Boat Accident In Barpeta

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 1:27 PM IST

thumbnail
বানত মৃত্যু এটি শিশুৰ (ETV Bharat Assam)

বৰপেটা, 22 জুন: আহাৰ মহীয়া বানত অকালতে প্ৰাণ হেৰুৱালে বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ 7 বছৰীয়া কাইছে ৷ বাঢ়নি পানীৰ সোঁতত পৰি শুকুৰবাৰৰে পৰা সন্ধানহীন হৈ পৰা 7 বছৰীয়া কাইছ আহমেদৰ নশ্বৰ দেহটি উদ্ধাৰ হ’ল শনিবাৰে । এছ ডি আৰ এফ বাহিনীৰ লগতে স্থানীয় ৰাইজৰ সহযোগত চলোৱা অভিযানৰ অন্তত উদ্ধাৰ হয় শিশুটোৰ মৃতদেহ ৷ 

উল্লেখ্য যে, বৰপেটাৰ বেছিমাৰী গাঁৱত শুকুৰবাৰে সংঘটিত হৈছিল এটি নাও দুৰ্ঘটনা ৷ দুৰ্ঘটনাগ্ৰস্ত নাওখনত পিতৃ আৰু ভগ্নীৰ সৈতে আছিল 7 বছৰীয়া কাইছ আহমেদ । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছৰ পৰাই সন্ধানহীন হৈ পৰিছিল কাইছ আহমেদ । ইতিমধ্যে কাইছ আহমেদৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।

কাইছ আহমেদৰ মৃত্যুত শোক প্ৰকাশ কৰে স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ লগতে জল পৰিবহণৰ ক্ষেত্ৰত সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক: বাঢ়নি পানীৰ কোবাল সোঁতত পৰিল 7 বছৰীয়া শিশু; SDRF ৰ অভিযান অব্যাহত - Boat accident in Barpeta

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.