চমন দিবলৈ যোৱা আৰক্ষীক প্ৰহাৰ কৰি ৰঙাঘৰত অভিযুক্ত - beating up on duty policeman

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 8:22 PM IST

thumbnail
চমন দিবলৈ যোৱা আৰক্ষীক প্ৰহাৰ কৰি ৰঙাঘৰত অভিযুক্ত (ETV BHARAT ASSAM)

যোৰহাট, ২৯ জুন: যোৰহাট পুলিবৰ আৰক্ষী থানাত কৰ্মৰত আৰক্ষী জোৱানক প্ৰহাৰ দুর্বৃত্তৰ । চমন দিবলৈ যোৱাৰ সময়তে কোনো কাৰণ নোহোৱাকৈ আৰক্ষী জোৱানজনক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে ৷ সম্প্ৰতি পুলিবৰ আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত ৰন্টু বৰা ওৰফে মুনীয়াক ৷

পুলিবৰ আৰক্ষী থানাৰ কনিষ্টবল আৱজুল হুছেইনে শুকুৰবাৰে চমন দিয়াৰ উদ্দেশ্যৰে পুলিবৰ থানাৰ পৰা নিকটৱৰ্তী মালৌখাটলৈ মটৰ চাইকেলেৰে যোৱাৰ সময়তে উক্ত ঘটনাটো সংঘটিত হয় । কনিষ্টবল আৱজুল হুছেইনে চমনকাৰীক চমনখন দি ওভতাৰ পথত ৰন্টু বৰা ওৰফে মুনীয়াই তেওঁক জেৰা কৰাত হুছেইনে তেওঁক চমনখনৰ কথা অৱগত কৰে ।

ইয়াৰ পাচতেই কোনো কাৰণ নোহোৱালৈ ৰন্টু বৰাই কনিষ্টবলজনক উপৰ্যুপৰি প্ৰহাৰ কৰে । প্ৰহাৰৰ ফলত বাইকৰ সৈতে মাটিত বাগৰি পৰে কনিষ্টবলজন । স্থানীয় লোকে লোকজনক সেই কাৰ্যত বাধা দিয়াৰ সুযোগ গ্ৰহণ কৰি উক্ত স্থানৰ পৰা পলায়ন কৰে আৰক্ষী কনিষ্টবলজন ।

তেওঁ পুলিবৰ আৰক্ষী থানাত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰাৰ লগতে ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীক প্ৰহাৰ কৰা দুবৃৰ্ত্ত ৰন্টু বৰা ওৰফে মুনীয়াক আজি পুলিবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আনহাতে দিন-দুপৰতে এজন লোকে আৰক্ষীক প্ৰহাৰ কৰা ঘটনাই আৰক্ষীৰ ভিতৰচৰাত তীব্ৰ খলকনি সৃষ্টি কৰিছে ।

লগতে পঢ়ক: ৰাইজৰ ৰোষত পৰিল পিচল ভূত : ভূতৰূপী দুলাল হীৰাক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.