ট্ৰেক্টৰৰ চেপাত নিমিষতে প্ৰাণ গ’ল এগৰাকী বৃদ্ধাৰ: আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ - Accident in Amguri

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 1:33 PM IST

thumbnail
ট্ৰেক্টৰৰ চেপাত নিমিষতে প্ৰাণ গ’ল এগৰাকী বৃদ্ধাৰ: আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ (ETV Bharat Assam)

আমগুৰি, 27 জুলাই: শিৱসাগৰ জিলাৰ আমগুৰি চাহ বাগিচাত শোকাৱহ দুৰ্ঘটনা ৷ চাহপাত কঢ়িওৱা ট্ৰেক্টৰৰ তলত পৰি মৃত্যু ঘটে এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ । নিহত মহিলাগৰাকীৰ নাম গুণেশ্বৰী তাচা (80) বুলি জানিব পৰা গৈছে । আমগুৰি চাহ বাগিচাৰ তলৰ লাইনত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো । দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখনৰ পঞ্জীয়ন নম্বৰ AS-04-A-7473 ৷

চলন্ত ট্ৰেক্টৰৰ পিছৰ চকাৰ তলত সোমাই মহিলাগৰাকীৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । কি কাৰণত মহিলাগৰাকী চলন্ত ট্ৰেক্টৰৰ পিছৰ চকাত সোমাল সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত । ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ । হালোৱাটিং আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্ট্ৰৰখন জব্দ নকৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাইছে ।

লগতে পঢ়ক: পথৰ কাষত প্ৰস্ৰাৱ কৰি থাকোঁতেই প্ৰাণ গ’ল এটি শিশুৰ - BOY DIED HIT BY A VEHICLE TIRE

দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু কিশোৰীৰ, কঠোৰ পদক্ষেপ গ্ৰহণৰ হুংকাৰ জিলা আয়ুক্তৰ - Road Accident

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.