কিশোৰীক যৌন আতিশয্য চলাই আৰক্ষীৰ জালত পৰিল লম্পট - Sexual assaulting

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 1:02 PM IST

thumbnail
কিশোৰীক যৌন আতিশয্য চলাই আৰক্ষীৰ জালত পৰিল লম্পট (ETV Bharat Assam)

ডিব্ৰুগড়,২৫ আগষ্ট: ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা । ধিঙৰ নাৰকীয় ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে উত্তাল প্ৰতিবাদ । এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক তিনি পাষণ্ডই দলবদ্ধ ধৰ্ষণ কৰা ঘটনাই সকলোৰে মন-মগজুক জোকাৰি গৈছে । ধিং কাণ্ডক লৈ ৰাজ্য উত্তাল হৈ থকা সময়তে ডিব্ৰুগড়ৰ খোৱাঙত এগৰাকী ১৪ বছৰীয়া কিশোৰীক এটা লম্পটে যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে । পৰিয়ালৰ লোকে জনোৱা অনুসৰি পৰা মতে খোৱাং কাৱৈমাৰীৰ প্ৰসন দাস নামৰ বিবাহিত লোকজনে শনিবাৰে বিয়লি ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ওচৰৰে এগৰাকী কিশোৰীক যৌন আতিশয্য চলায় ।  

কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত লম্পটটোৱে পলায়ন কৰে । পিচত মাতৃ ঘৰলৈ অহাত সকলো কথা বিৱৰি কয় কিশোৰীগৰাকীয়ে । পৰিয়ালৰ লোকে নিশা খোৱাং আৰক্ষী থানাত লম্পটটোৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ । আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত লম্পটটোক নিশাই আটক কৰি নিজৰ জিম্মাত লয় । ইফালে খোৱাং আৰক্ষী থানাত নিশা পৰ্যন্ত স্থানীয় লোকে অৱস্থান কৰি অভিযুক্ত লম্পটটোক উচিত শাস্তিৰ দাবী উত্থাপন কৰে । 

লগতে পঢ়ক: প্ৰেমিকাক অন্তঃসত্বা কৰি প্ৰেমিকৰ পলায়ন

আকৌ এক ধৰ্ষণ : মোমায়েকৰ কামনাৰ বলি ১৩ বছৰীয়া ভাগিন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.