বশিষ্ঠৰ বাৰত আৰক্ষীক আক্ৰমণৰ ঘটনা : পুনৰ আন এজন আৰক্ষীক প্ৰানে মৰাৰ ভাবুকি - Crime in Guwahati - CRIME IN GUWAHATI

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Apr 24, 2024, 8:35 PM IST

গুৱাহাটী, ২৪ এপ্ৰিল: বশিষ্ঠৰ বাৰত আৰক্ষীক আক্ৰমণ কৰা কাণ্ডই লৈছে নতুন মোৰ । এইবাৰ বাৰ কাণ্ডৰ অন্যতম অভিযুক্ত তথা বাৰৰ মালিক অংকুৰ দত্তই বশিষ্ঠ থানাৰ আন এজন আৰক্ষী জোৱানক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে । বশিষ্ঠ থানাৰ প্ৰাঞ্জল শইকীয়া নামৰ আৰক্ষীৰ জোৱানজনক ফোন যোগে প্ৰানে মৰাৰ ভাবুকি দিয়া বুলি ছ’চিয়েল মিডিয়াত ইতিমধ্যে ভিডিঅ’ প্ৰকাশ কৰিছে জোৱানজনে । তেওঁৰ মৃত্যু হ’লে অংকুৰ দত্ত দায়ী হ’ব বুলি কয় আৰক্ষী জোৱানগৰাকীয়ে ৷

ইয়াৰ লগতে এইদৰে ভাবুকি দিয়া কাণ্ডক লৈ প্ৰাঞ্জল শইকীয়াই বশিষ্ঠ থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও এতিয়াও ঘটনাৰ সন্দৰ্ভত তদন্ত নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে । 

উল্লেখ্য যে, যোৱা ২১ এপ্ৰিলৰ পুৱা বশিষ্ঠৰ THE ECHO PUB & GRILL ত এজন আৰক্ষী জোৱানক ম'বিল ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উঠিছিল বাৰখনৰ মালিকদ্বয়ৰ বিৰুদ্ধে । সেই ঘটনাৰ তদন্ত নকৰি সকলো অভিযুক্তকে কোনো অজান শক্তিৰ হেঁচাত মুকলি কৰি দিছিল বশিষ্ঠ আৰক্ষীয়ে । 

সেই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ আন এজন জোৱানক বাৰৰ মালিকে ফোনযোগে ভাবুকি দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰক্ষীৰ ভিতৰে-বাহিৰে।

লগতে পঢ়ক: বশিষ্ঠত আৰক্ষীক আক্ৰমণৰ ঘটনাক লৈ ৩টাকৈ গোচৰ ৰুজু - Crime in Guwahati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.