মাজুলীত অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ আত্মহত্যা - SUICIDE CASE IN MAJULI

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 11:01 AM IST

thumbnail
শিক্ষয়িত্ৰীৰ আত্মহত্যা (ETV Bharat Assam)

মাজুলী, 27 জুন: মাজুলীত সংঘটিত হৈছে আত্মহত্যাৰ ঘটনা ৷ উজনি মাজুলীৰ ফুলনি থানাৰ অন্তৰ্গত এক নং বৰনলনি গাঁৱত ৰীতা গাম(49) নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ আত্মহত্যাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে মাজুলীত ৷

জানিব পৰা মতে, অপ্ৰাদেশীকৃত এখন বিদ্যালয়ত হিন্দী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল ৰীতা গাম নামৰ মহিলাগৰাকী ৷ 1991 চনৰ পৰা প্ৰায় 33 বছৰ ধৰি বিনা বেতনে কাম কৰি অহা মহিলাগৰাকীয়ে মানসিকভাৱে ভাঙি পৰি এই সিদ্ধান্ত গ্ৰহণ কৰাৰ অনুমান কৰা হৈছে ৷ মহিলাগৰাকী বুধবাৰে নিশা প্ৰায় 10 মান বজাত ঘৰৰ পৰা নোহোৱা হোৱাত পৰিয়ালৰ লোকৰ লগতে গাঁৱবাসীয়ে বিচাৰ-খোঁচাৰ কৰে যদিও লাভ নকৰিলে কোনো সম্ভেদ ৷

অৱশেষত কাহিলিপুৱা প্ৰায় 4 মান বজাত ঘৰৰ সন্মুখৰে এখন বিলত পোৱা যায় মহিলাগৰাকীৰ মৃতদেহ ৷ মাজুলীৰ মইজোৰা জ্ঞানজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীৰ এই সিদ্ধান্তত সকলোৱে দুখ প্ৰকাশ কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ফুলনি আৰক্ষী, জিলা দণ্ডাধীশ আৰু মাজুলীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গড়মূৰ জিলা চিকিৎসালয়লৈ নিয়ে ৷

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ) ।)

লগতে পঢ়ক: ৰাজ্যৰ গৃহ সচিব শিলাদিত্য চেতিয়াৰ আত্মহনন : পত্নীক হেৰুৱাই মুহূৰ্ততে ল'লে চৰম সিদ্ধান্ত - Shiladitya Chetia commits suicide

ঋণৰ বোজা সহিব নোৱাৰি নুনমাটিত আত্মহত্যা যুৱকৰ - Suicide case in Noonmati

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.