thumbnail

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 4:55 PM IST

ETV Bharat / Videos

পৰম্পৰা ৰক্ষা কৰি টীয়কৰ গুৱাল গাঁৱত ন খালে ৰাইজে

টীয়ক, 21 জানুৱাৰী : অসমীয়া সমাজৰ অন্যতম পৰম্পৰাগত উৎসৱ হৈছে ন খোৱা । আঘোণত পথাৰৰ পৰা ধান চপাই মাঘত নিজৰ পৰিয়াল, ইষ্ট কুটুম্বৰ সৈতে আনন্দৰে চহা গ্ৰাম্য সমাজত ন খোৱাৰ পৰম্পৰা আছে । এই চহা পৰম্পৰা অটুত ৰাখি টীয়কৰ গুৱাল গাঁৱৰ ৰাইজে ঐতিহাসিক গুৱালবাৰীত পূৰ্বৰ দৰে এইবাৰো ন খোৱা উৎসৱ আয়োজন কৰিছে ।

ঘৰে ঘৰে ন চাউল, শাক-পাচলি গোটাই পথাৰত সকলোৱে গোট খাই আবাল-বৃদ্ধ-বনিতাৰ পৰা কণ কণ শিশুসকলৈকে একেলগে তৃপ্তিৰে এসাঁজ হাঁহে-মাহে মাছ-ভাত খাই পৰম্পৰা ধৰি ৰাখিছে । উল্লেখ্য যে, দৈনন্দিন ব্যস্ততা তথা আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ সমাজৰ পৰা বহু চহা পৰম্পৰা হেৰাই যোৱাৰ উপক্ৰম ঘটিছে ৷ সেয়ে গুৱালবাৰী সুৰক্ষা মঞ্চৰ উদ্যোগত উঠি অহা প্ৰজন্মক অসমীয়া গ্ৰাম্য সমাজৰ ঐতিহ্য সংস্কৃতি তথা পৰম্পৰা ধৰি ৰখাৰ লগতে উঠি অহা প্ৰজন্মক চিনাকী কৰাই দিয়াৰ স্বাৰ্থতে সকলোকেৱে ন খোৱা উৎসৱ আয়োজন কৰিছে ৷

লগতে পঢ়ক: স্থিতিত অটল অসম চৰকাৰ, মহানগৰীৰ মাজেৰে যাব নোৱাৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.