কৰ্মক্ষেত্ৰত শ্ৰমিকৰ ৰহস্যজনক মৃত্যু - Labour found dead

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 4:25 PM IST

thumbnail
কৰ্মক্ষেত্ৰত শ্ৰমিকৰ ৰহস্যজনক মৃত্যু (ETV Bharat)

গুৱাহাটী, 20 আগষ্ট: মহানগৰীত শ্ৰমিকৰ ৰহস্যজনক মৃত্যু ৷ কৰ্মস্থলীত পুৱাই উদ্ধাৰ শ্ৰমিকৰ নিথৰ দেহ ৷ মহানগৰীৰ চচলৰ আমতলত সংঘটিত হৈছে এই কৰুণ ঘটনাটো ৷ মৃত শ্ৰমিকজন হৈছে নাৰেংগীৰ শান্তি নগৰৰ অজিত বৰ্মন (30) ।  

জানিব পৰা মতে, সোমবাৰৰ নিশা আহাৰ গ্ৰহণ কৰাৰ পাছত অজিত বৰ্মনে গেৰেজতে শুই থাকে । ইয়াৰ পাছত মঙলবাৰৰ পুৱাৰ ভাগত গেৰেজত শুই থকা অৱস্থাত শ্ৰমিকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে গেৰেজটোৰ স্বত্বাধিকাৰী আব্দুল আলীয়ে । ততাতৈয়াকৈ আব্দুল আলীয়ে ঘটনা সন্দৰ্ভত দিছপুৰ থানাক অৱগত কৰে ৷ নিশাৰ ভাগত অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ বাবেই শ্ৰমিকজনৰ মৃত্যু ঘটা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যদিও আত্মীয় তথা স্থানীয় একাংশ লোকে এই অভিযোগ অস্বীকাৰ কৰিছে ৷ 

মহানগৰীৰ চচলৰ আমতলৰ ৰাজধানী গেৰেজত অজিত বৰ্মনে দীৰ্ঘদিন ধৰি শ্ৰমিক হিচাপে কাম কৰি আছিল বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । 

চচলৰ আমতলত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহাৰ লগতে নানান অসামাজিক কাৰ্যকলাপ চলি আহিছে বুলি স্থানীয় লোকে অভিযোগ তুলিছে ৷

লগতে পঢ়ক: ঘৰৰ কাষতে উদ্ধাৰ ফৰিদৰ মৃতদেহ: পৰিয়ালৰ মতে হত্যাকাণ্ড...আন একাংশৰ মতে ড্ৰাগছে মাতিলে কাল - YOUTH MYSTERIOUS DEATH IN JORHAT

বৰহাটত বিজেপি নেতাক হত্যা কৰি পেলালে নৈত - Missing BJP leader found dead

শিৱভক্তৰ গাৰ ওপৰেৰে চলিল তীব্ৰবেগী ট্ৰাক: থিতাতে নিহত 4 - ROAD ACCIDENT IN GOSSAIGAON

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.