মূৰ্কংচেলেক ৰে’ল সেৱা আংশিক বাতিল - MURKONGSELEK RAILWAY STATION
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20-10-2024/640-480-22720809-thumbnail-16x9-jonai-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 20, 2024, 3:21 PM IST
জোনাই: বাতিল কৰা হৈছে মূৰ্কংচেলেক ৰে'ল সেৱাৰ কেইবাখনো ৰে'ল । গতি পৰিৱৰ্তন, ৰে’ল সেৱাৰ আংশিক বাতিলকৰণৰ ক্ষেত্ৰত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ নতুন জাননী । মূৰ্কংচেলেক ৰে'লৱে ষ্টেচনৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা( 15614) লাচিত এক্সপ্ৰেছ, গুৱাহাটী-মূৰ্কংচেলেক (15613) লাচিত এক্সপ্ৰেছ, ৰঙিয়া-মূৰ্কংচেলেক (15895) মূৰ্কংচেলেক-ৰঙিয়া (15896) পেছেঞ্জাৰ ৰে'ল আংশিকভাৱে বাতিল কৰা হৈছে ।
মূৰ্কংচেলেক ৰে'ল ষ্টেচনৰ ষ্টেচন অধ্যক্ষ ধ্ৰুৱজ্যোতি হাজৰিকাই শনিবাৰে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি, যোৱা ৩ অক্টোবৰ তাৰিখে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ অন্তৰ্গত বহু কেইখন ৰে’লৰ বাতিল, পৰিৱৰ্তন আৰু পুনৰ নিৰ্ধাৰণ তথা আংশিক বাতিলকৰণ সন্দৰ্ভত এক জাননী প্ৰকাশ পাইছিল । সেইমৰ্মে ৰঙিয়া মণ্ডলৰ অন্তৰ্গত বিভিন্ন ৰে'ল ষ্টেচনসমূহত আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কাম আৰম্ভ কৰাৰ বাবে ২৩ ৰ পৰা ২৯ অক্টোবৰলৈ বহু কেইখন ৰে'ল বাতিল, গতি পৰিৱৰ্তন কৰাৰ লগতে আন কেইখনমানৰ আংশিক বাতিলকৰণ কৰা হৈছে ।
জাননীৰ সন্দৰ্ভত মূৰ্কংচেলেকৰ পৰা গুৱাহাটী লৈ যাত্ৰা কৰা লাচিত এক্সপ্ৰেছ আৰু গুৱাহাটীৰ পৰা মূৰ্কংচেলেক অভিমুখে অহা লাচিত এক্সপ্ৰেছখনৰ লগতে মূৰ্কংচেলেকৰ পৰা ৰঙিয়ালৈ যাত্রা কৰা পেছেঞ্জাৰ ৰে'ল, ৰঙিয়াৰ পৰা মূৰ্কংচেলেক অভিমুখে অহা পেছেঞ্জাৰ ৰে'ল দুইখনক ২৩ ৰ পৰা ২৯ অক্টোবৰলৈ আংশিকভাৱে বাতিলকৰণ কৰা হৈছে বুলি জানিব দিয়ে মূৰ্কংচেলেক ৰে'ল ষ্টেচনৰ ষ্টেচন অধ্যক্ষগৰাকীয়ে ।