শিক্ষানুষ্ঠানত বৃদ্ধি পোৱা হিংসাক লৈ উদ্বেগ প্ৰকাশ কামাখ্যা প্ৰসাদ তাছাৰ - Violence in schools in Assam - VIOLENCE IN SCHOOLS IN ASSAM
🎬 Watch Now: Feature Video
Published : Sep 25, 2024, 8:40 PM IST
যোৰহাট, ২৫ ছেপ্টেম্বৰ : দৰং জিলাৰ পিছত শৈক্ষিক নগৰী যোৰহাটৰ দহোঢীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহপাঠীৰ আক্ৰমণত চিকিৎসাধীন হ'বলগীয়া হ’ল এজন ছাত্ৰ । শিক্ষানুষ্ঠানসমূহত বৃদ্ধি পোৱা এনেধৰণৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।
তাছাই কয়, ‘‘আজিৰ সময়ত নতুন প্ৰজন্মৰ মাজত হিংসা চেতনা বৃদ্ধি পাইছে । এইক্ষেত্ৰত অভিভাৱকসকলে সন্তানক নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজন আৰু তেওঁলোকৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰখাটো অতি প্ৰয়োজন । এই ঘটনাবোৰ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰ, অভিভাৱক আৰু শিক্ষকৰো দায়িত্ব আছে ।’’
আনহাতে মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ শিক্ষানুষ্ঠানৰ পাঠ্যপুথিত ‘চৰিত্ৰ পাঠ’ অন্তৰ্ভুক্ত কৰাটো অতি ভাল চিন্তা বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে । লগতে পাঠ্যপুথিত মৰেল শিক্ষা প্ৰৱৰ্তন কৰাৰ কথাও উল্লেখ কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই । তেওঁ কয় যে আজিৰ তাৰিখত শিক্ষাৰ্থীয়ে পঢ়াৰ চিন্তা কৰাৰ পৰিৱৰ্তে বাহিৰৰ কথাবোৰতহে ধ্যান দিয়া দেখিবলৈ পোৱা গৈছে । স্কুলৰ আৰম্ভনিতে নৈতিক শিক্ষা দিয়াটো প্ৰয়োজন বুলি কয় কামাখ্যা প্ৰসাদ তাছাই ।
লগতে পঢ়ক : এইবাৰ যোৰহাটৰ শিক্ষানুষ্ঠানত ৰক্তপাত, তেজেৰে ৰাঙলী দুই ছাত্ৰ