ৰাজীৱ‌ ভৱনত ঢোল বজাই আনন্দ গৌৰৱ গগৈৰ

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 9:43 PM IST

thumbnail

গুৱাহাটী, ১৩ মাৰ্চ: কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব লাভৰ পিচতে ৰাজীৱ‌ ভৱনত গৌৰৱ গগৈ, মীৰা বৰঠাকুৰ আৰু জয়ৰাম ইংলেঙক কংগ্ৰেছীসকলে বুধবাৰে উষ্ম আদৰণি জনায় । ৰাজীৱ ভৱনত বিহুৰে আদৰণি জনায় গৌৰৱ গগৈক ।

গৌৰৱ গগৈয়েও ঢোল বজাই আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হয় ৷ প্ৰাৰ্থিত্ব লাভৰ পিচত বিমানবন্দৰৰ পৰা পোনে পোনে গুৱাহাটীৰ ৰাজীৱ ভৱনত উপস্থিত হৈ গৌৰৱ গগৈয়ে কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলক সম্বোধন কৰে । তেওঁ কয়, ‘‘অসমৰ ১২ টা লোকসভা সমষ্টিত কংগ্ৰেছৰ যিসকল প্ৰাৰ্থী দিয়া হৈছে তেওঁলোক সকলো জয়ী হোৱাৰ বাবে সক্ষম । নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অসমৰ বাবে এখন ভাৰসাম্য থকা প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ।’’

ইয়াৰোপৰি তেওঁ কয়, ‘‘যোৰহাটত মই নিশ্চিতভাৱে জয়ী হ'ম । যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰে কংগ্ৰেছ দলক ভোট দিয়াৰ বাবে মন বান্ধিছে ।’’ সাংসদগৰাকীয়ে বিজেপিক চোকা সমালোচনা কৰি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায় ।

তেওঁ কয় যে বিজেপি চৰকাৰে উন্নয়নৰ নামত গুৱাহাটী, কাৰ্বি আংলঙত ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে । আনহাতে অসমৰ মুখ্যমন্ত্ৰীক সবাতোকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী আখ্যা দিয়ে গৌৰৱ গগৈয়ে ।

লগতে পঢ়ক: কলিয়াবৰৰ পৰা যোৰহাটলৈ গৌৰৱ গগৈ: সমষ্টি পুনৰ নিৰ্ধাৰণে কিদৰে পেলাব প্ৰভাৱ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.