মুকালমুৱা চিভিল হাস্পতালৰ পৰা চোৰে নিলে মটৰ চাইকেল - Theft In Mukalmua - THEFT IN MUKALMUA
🎬 Watch Now: Feature Video


Published : Apr 28, 2024, 9:53 AM IST
নলবাৰী, ২৮ এপ্ৰিল: নলবাৰীৰ মুকালমুৱা অসামৰিক চিকিৎসালয়ত চোৰৰ উপদ্ৰৱ । শনিবাৰে চিকিৎসালয়খনৰ চৌহদৰ পৰাই চোৰে নিলে মটৰ চাইকেল । ঘোগা গাঁৱৰ নুৰুল হক শইকীয়া নামৰ যুৱকজনে মুকালমুৱা অসামৰিক চিকিৎসালয়লৈ ৰোগীৰ খবৰ লব আহোঁতেই চুৰি হয় মটৰ চাইকেলখন । চুৰি হোৱা মটৰ চাইকেলখনৰ নম্বৰ AS-01BK-1297 ।
ঘটনা সন্দৰ্ভত মটৰ চাইকেলখনৰ গৰাকীয়ে মুকালমুৱা আৰক্ষী থানাত দাখিল কৰে এজাহাৰ । ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে বুলি জানিব পৰা গৈছে । চিকিৎসালয়খনৰ চৌহদত চিচি টিভি নথকাৰ বাবেই সঘনাই মটৰ চাইকেল চুৰি হোৱাৰ অভিযোগ স্থানীয় লোকৰ ।
পূৰ্বতেও চিকিৎসালয় চৌহদৰ পৰা চুৰি হৈছে বহু মটৰ চাইকেল । সেয়ে আৰক্ষী প্ৰশাসনক এই চুৰি ঘটনাৰ সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ আহ্বান জনায় ভুক্তভোগী লোকজনে ।
লগতে পঢ়ক: প্ৰশাসনিক বিষয়াৰ ঘৰত 10 লাখ টকাৰ হাত চাফাই - Thief Arrested