ধেমাজিত সুদখোৰ আটক - Assam cm against pvt money lending
🎬 Watch Now: Feature Video


Published : Feb 25, 2024, 9:50 AM IST
ধেমাজি, 24 ফেব্ৰুৱাৰী : মাটি দালালৰ পাচত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুদখোৰৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰম্ভ কৰিছে অভিযান । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাত আৰক্ষীৰ জালত পৰিছে কেইবাটাও সুদখোৰ । শনিবাৰে ধেমাজি সদৰ আৰক্ষীয়ে বিজয় নৰহ নামৰ এজন সুদখোৰক আটক কৰিবলৈ সক্ষম হয় ৷
ধৃত বিজয় নৰহে দুজন চৰকাৰী কৰ্মচাৰীক সুদত টকা দি দীৰ্ঘদিন ধৰি লুটি আহিছিল বুলি ভুক্তভোগী কৃষ্ণ দাস আৰু বুদ্ধেশ্বৰ বৰুৱাই ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । ইয়াৰ পিচতে ধেমাজি সদৰ আৰক্ষীয়ে তৎপৰতাৰে অভিযুক্ত বিজয় নৰহক ধেমাজি নগৰস্থিত কাড়িচুক আনু নগৰ বাসগৃহৰ পৰা আটক কৰে ।
সুদখোৰ বিজয় নৰহক ধেমাজি সদৰ আৰক্ষীয়ে আটক কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়াল দুটাই ৷
লগতে পঢ়ক: মিছন সুদখোৰ, তিনি সুদখোৰ আটক