তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী ৰূপত শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে; নলবাৰীত আনন্দ উৎসৱ - Narendra Modi to take oath as PM for 3rd time

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 8:12 AM IST

thumbnail
নলবাৰীত আনন্দ উৎসৱ (ETV Bharat Assam)

নলবাৰী, 8 জুন: তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হ'ব NDA ৰ দলপতি নৰেন্দ্ৰ মোদী । শপত গ্ৰহণৰ পূৰ্বে শুকুৰবাৰে ৰাষ্ট্ৰপতিলৈ তৃতীয়বাৰৰ বাবে আবেদন কৰে নৰেন্দ্ৰ মোদীয়ে । ইয়াকে লৈ নলবাৰী জিলা বিজেপি কাৰ্যালয়ত এক আনন্দ উৎসৱ কাৰ্যসূচী ৰূপায়ণ কৰে বিজেপিৰ কৰ্মকৰ্তাসকলে । উল্লেখযোগ্য যে মিত্ৰজোঁটৰ সহযোগত পুনৰ প্ৰধানমন্ত্ৰী হ'ব NDA দলপতি নৰেন্দ্ৰ মোদী ।

NDA ৰ বৈঠকৰ পাচত মিত্ৰজোঁটক লগত লৈ পুনৰ চৰকাৰ গঠনৰ উদ্দেশ্যে ইতিমধ্যে প্ৰক্ৰিয়া চলি আছে NDA মহলত । পুনৰ তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰূপে অহা ৯ জুনত শপতগ্ৰহণ কৰিব মোদীয়ে । তাৰ প্ৰাকমুহূৰ্তত এনেদৰে নলবাৰী জিলা বিজেপিয়ে মিঠাই খুৱাই, ইজনে আনজনক ফাকু সানি আৰু আটচবাজী ফুটাই আনন্দ উৎসৱ পালন কৰা পৰলক্ষিত হয় ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.