এসাজ খাই এসাঁজৰ বাবে চিন্তা হৈছে বিধায়িকাৰ - MLA Sibamoni Bora

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 10:32 PM IST

thumbnail
তেজপুৰত বিধায়িকা শিৱামণি বৰা (ETV Bharat Assam)

তেজপুৰ, ১৮ আগষ্ট : ৰাজ্যত দামবৃদ্ধি আৰু স্মার্ট মিটাৰৰ বিলে চৰকাৰী পক্ষৰ বাদে সকলোকে জুৰুলা কৰিছে ৷ একেই অৱস্থা বিধায়িকা শিৱামণি বৰাৰো ৷ দামবৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ প্ৰসংগত ক্ষোভ উজাৰিলে কংগ্ৰেছ বিধায়িকাগৰাকীয়ে ৷

সংবাদমাধ্যমৰ আগত বিধায়িকাগৰাকীয়ে কয়, ‘‘স্মাৰ্ট মিটাৰৰ বাবে দুৰ্দশা হৈছে ৷ গোটেই স্মাৰ্ট মিটাৰে কাম নকৰে ৷ চৰকাৰখন পগলা হোৱাৰ দৰেই স্মাৰ্ট মিটাৰৰ পগলা বিল আহে ৷ সঠিকভাৱে স্মাৰ্ট মিটাৰ লগাব লাগিছিল ৷ মোৰ মা অকলে থাকে, তিনি হাজাৰ টকা ভৰাই দিলে কেইদিনমানতে শেষ হৈ যায় ৷ ভাল কৰিবলৈ গৈ কাল কৰিছে বিজেপি চৰকাৰে ৷’’

তদুপৰি বিধায়িকাগৰাকীয়ে কয়, ‘‘ মূল্যবৃদ্ধিৰ ফলত এসাজ খাই এসাঁজৰ বাবে চিন্তা কৰিব লাগে ৷ দাইল একেলগে বনাই দিওঁ, কেতিয়াবা ৰাতিলৈ নাথাকেই ৷ কেতিয়াবা সস্তাত পোৱা পাচলি বনায়েই খাওঁ ৷’’

লগতে পঢ়ক : ৰাজ্যত মহঙা হৈছে আলু : পশ্চিমবংগত আৱদ্ধ আলুৰ ট্ৰাক, অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.