thumbnail

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 10:31 PM IST

ETV Bharat / Videos

ঘৰৰ ওচৰতে খেলিবলৈ গৈছিল অভিলাষ, তাৰ পিচৰে পৰাই নাই শুংসূত্ৰ - missing case in Guwahati

গুৱাহাটী, 29 মাৰ্চ : মহানগৰীত পুনৰ সংঘটিত হৈছে কিশোৰ নিৰুদ্দেশৰ ঘটনা । মহানগৰীৰ জ্যোতিশ্ৰীনগৰ ভাগৱত ধামৰ পৰা নিৰুদ্দেশ হৈছে এটি কিশোৰ । ৰবিবাৰৰ পুৱাৰ ভাগত ঘৰৰ ওচৰতে ওলাই গৈছিল কিশোৰটো  ৷ তাৰ পাচৰে পৰাই কোনো খা-খবৰ নাই কিশোৰটোৰ ৷ 

নিখোজ কিশোৰটো ১৬ বছৰীয়া অভিলাষ দাস বুলি জানিব পৰা গৈছে ৷ ঘৰৰ পৰা ওলাই যোৱা সময়ত কিশোৰটোৰ পিন্ধনত আছিল ৰঙা ছুৱেটাৰ আৰু নীলা ৰঙৰ পেণ্ট । 

এই ঘটনাৰ পিচতে অতি দৰিদ্ৰ পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপিছিল যদিও আৰক্ষীয়ে বিগত ছটা দিনে কোনো সুংশুত্ৰ ওলাব পৰা নাই অভিলাষৰ । এতিয়া কিশোৰজনক বিচাৰি নাপায় মাতৃ নিৰুপায় হৈ পৰিছে । সেয়েহে এতিয়া উপায়ন্তৰ হৈ কিশোৰীগৰাকীৰ মাতৃয়ে সাংবাদিকৰ কাষ চাপে । 

উল্লেখ্য যে, অভিলাষ মানসিকভাবেও কিছু পৰিমাণে অসুস্থ আছিল । যদি কোনো সদাশয় ব্যক্তিয়ে ল’ৰাজনক দেখা পাই তেন্তে আৰক্ষীক নতুবা মাতৃৰ 6002673169 নম্বৰত যোগাযোগ কৰিবৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক: তীৰ্থযাত্ৰী কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত, ৪৫ গৰাকী লোকৰ মৃত্যু - South Africa bus accident

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.