thumbnail

মোদীক আদৰি বোকাখাতৰ চাহৰ হোটেলত সোণোৱাল, লগত বৰা-পাটোৱাৰী

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 10:55 PM IST

কাজিৰঙা, 8 মাৰ্চ : ভাৰতৰ প্ৰধানমন্ত্ৰী আজি অসমলৈ আহিছে ৷ আজি নিশা কাজিৰঙাত কটাই কাইলৈ পুৱাই ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰিব ৷ মোদীক কাজিৰঙাত সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সাক্ষাৎ কৰি আহি বোকাখাতত পুৰিৰ সোৱাদ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ৷

বোকাখাতৰ গজৰাজত পুৰি খাই পুৰণি দিন সুঁৱৰিলে সৰ্বানন্দ সোণোৱালে ৷ তেওঁ কয়, ‘বোকাখাত বহুক্ষেত্ৰত গুৰুত্বপূৰ্ণ । বোকাখাতৰ সৈতে মোৰ সম্পৰ্ক ছাত্ৰ অৱস্থাৰ পৰাই আছে । বিশেষকৈ গজৰাজ হোটেলৰ পুৰি মই ভাল পাওঁ ।’

আজি বোকাখাতৰ পাণবাৰী হেলিপেডত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাই ঘূৰি অহাৰ পথত হোটেল গজৰাজত কলপাতত দিয়া পুৰি আৰু পেৰাৰ জুতি লয় সোণোৱালে । সংগ দিয়ে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ অতীত সুঁৱৰি সোণোৱালে কয়, ‘ছাত্ৰ সন্থা কৰি থকাৰ দিনৰ পৰাই বোকাখাত বুলিলে আমাৰ ঠিকনা গজৰাজ । সেই সোৱাদ আজিও পাহৰিব পৰা নাই । সম্ভৱতঃ বোকাখাতক প্ৰথম ভাল পাবলৈ উৎসাহিত কৰিছিল গজৰাজৰ পুৰি আৰু পেৰাই ।’ বোকাখাতৰ পুৰি-পেৰাৰ খ্যাতি এতিয়া অসমতে সীমাবদ্ধ হৈ থকা নাই বুলিও উৎসাহেৰে মন্তব্য কৰে সোণোৱালে ।

লগতে পঢ়ক : নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ: সৰুপথাৰত ৰাজ্যৰ শতাধিক যাত্ৰী কঢ়িওৱা বাহনৰ সমাগম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.