কৃত্ৰিম বানত জুৰুলা টিহুবাসীৰ কাষত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস - Assam Flood 2024 - ASSAM FLOOD 2024
🎬 Watch Now: Feature Video


Published : Jun 21, 2024, 9:57 PM IST
নলবাৰী,২১ জুন: বানত জুৰুলা নলবাৰী জিলাৰ বিভিন্ন প্ৰান্ত । বিগত কেইবাদিনো নেৰানেপেৰা বৰষুণৰ ফলত অপৰিৱৰ্তিত হৈ আছিল বান পৰিস্থিতি । শুকুৰবাৰে বতৰ ফৰকাল হোৱাত বানত প্লাৱিত হোৱা নলবাৰীৰ টিহু নগৰ পৰিদৰ্শন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । টিহু নগৰৰ বিভিন্ন প্ৰান্তৰ লগতে কেইবাটাও চৰকাৰী কাৰ্যালয় চৌহদো একাঁঠু পৰ্যন্ত কৃত্ৰিম বানত ডুবি আছিল । মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে টিহুৰ দলীয় কৰ্মীৰ সৈতে পৰিদৰ্শন কৰে কৃত্ৰিম বানত ডুব যোৱা অঞ্চলসমূহ ।
ইয়াৰোপৰি কৃত্ৰিম বানৰ পৰা ৰাইজক সকাহ দিবলৈ টিহু পৌৰসভাৰ সৈতে এক বৈঠকতো মিলিত হয় মন্ত্ৰীগৰাকী । টিহুৰ ৰে'লৱে উৰণ সেতুৰ নিৰ্মাণকাৰ্য চলি থকাৰ বাবেও টিহুৰ ২ নং ৱাৰ্ডৰ লগতে গনকপাৰাৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানত প্লাৱিত হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । এইসমূহ অঞ্চলৰ পানী নিষ্কাশনৰ বাবে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ভিন্ন পদক্ষেপ লোৱাৰ কথা সদৰী কৰে সংবাদ মাধ্যমৰ আগত ।