এইবাৰ কৃষকৰ ৰূপত ৰণজিৎ কুমাৰ দাস : আপলোড কৰিলে ভিডিঅ’ - Minister Ranjeet Kumar Dass
🎬 Watch Now: Feature Video
Published : Jul 27, 2024, 4:05 PM IST
বজালী, ২৭ জুলাই : কচৰৎ কৰা, খোজকঢ়াৰ ভিডিঅ’ প্ৰস্তুত কৰি প্ৰায়েই সামাজিক মাধ্যমত আপলোড কৰে তেওঁ ৷ বাৰীৰ শাক-পাচলি ছিঙিলেও ভিডিঅ’ প্ৰস্তুত কৰা মন্ত্ৰীগৰাকীয়ে কেতিয়াবা চাউলৰ বস্তা মূৰত লৈও চমক দিয়ে সামাজিক মাধ্যমত ৷
সেইগৰাকী মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক শনিবাৰে দেখা গ’ল কঠীয়াতলীত ৷ ৰাজ্যৰ কৃষকসকলৰ দৰে মন্ত্ৰীগৰাকীয়ে শনিবাৰে বজালীস্থিত নিজা কৃষিভূমিত কঠীয়া তোলা দেখা গ’ল ৷ কঠীয়া তুলি কান্ধত ভাৰ লৈ বোকামাটিলৈও গ’ল মন্ত্ৰীগৰাকী ৷ ভূটানৰ নদীবান্ধৰ পৰা অহা পানীয়ে উটাই নিনিলে হয়তো সাৰ্থক হ’ব ৰণজিৎ কুমাৰ দাসৰ কঠীয়া তোলাৰ কষ্ট ৷
উল্লেখযোগ্য যে ভূটানৰ কুৰিশ্ব’ বান্ধৰ পানীয়ে প্ৰতি বছৰে নামনি অসমৰ ভিতৰত বজালীতো ব্যাপক ক্ষতিসাধন কৰি আহিছে । অৱশ্যে বৰ্তমানলৈকে এই বছৰ বানৰ তাণ্ডৱৰ পৰা হাত সাৰি আছে ।
লগতে পঢ়ক : নাহৰকটীয়াত ৰাজমিস্ত্ৰীৰ ৰূপত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস