জাগীৰোডত গছপুলি ৰোপণ পীযুষ হাজৰীকাৰ - Ek Ped Maa Ke Naam

By ETV Bharat Assamese Team

Published : Aug 2, 2024, 10:38 PM IST

thumbnail
জাগীৰোডত গছপুলি ৰোপণ পীযুষ হাজৰীকাৰ (ETV Bharat Assam)

মৰিগাঁও, 2 আগষ্ট : ‘মাৰ নামত এজোপা গছ’ এই শ্লোগানেৰে অসম চৰকাৰে আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন ২.o ৷ ১ আগষ্টৰ পৰা ১৫ আগষ্টলৈ চলিব ৩ কোটি বাণিজ্যিক গছপুলি ৰোপণৰ এই অভিযান ৷ এই অভিযানৰ অংশ হিচাপে শুকুৰবাৰে জাগীৰোডত গছপুলি ৰোপণ কৰে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই ৷ জাগীৰোডৰ লোকনিৰ্মাণ বিভাগৰ অতিথিশালা চৌহদত গছপুলি ৰোপণ কৰি সকলোকে নিজৰ মাতৃৰ নামত একোটা গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে কাইলৈৰ দিনটো জাগীৰোডৰ লগতে সমগ্ৰ অসমৰ বাবে এটা ঐতিহাসিক দিন হ’ব বুলি মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ কাইলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভূমিপূজন কৰিব টাটাৰ প্ৰস্তাৱিত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ৷ প্ৰায় ৩০ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পত সংস্থাপন লাভ কৰিব প্ৰায় ৩০ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে ৷

লগতে পঢ়ক : সৰুপথাৰত নলা নিৰ্মাণৰ নামত এফালৰ পৰা কাটিছে গছ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.