thumbnail

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 10:16 PM IST

ETV Bharat / Videos

নলবাৰী প'লিটেকনিকত চেন্টাৰ অফ এক্সিলেন্স মুকলি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ

নলবাৰী, 13 মাৰ্চ : দক্ষতাৰ বিকাশেৰে নিযুক্তি লাভ কৰা সম্পৰ্কত বৃহস্পতিবাৰে নলবাৰীত অনুস্থিত হ’ল এক বিশেষ কাৰ্যসূচী ৷ নলবাৰী পলিটেকনিক মহাবিদ্যালয়ত অনুষ্ঠিত হয় এই কাৰ্যসূচী ৷ টাটাৰ সহযোগত ঔদ্যোগিক ফ’ৰ পইন্ট সম্পৰ্কত চেন্টাৰ অফ এক্সিলেন্স আৰম্ভ কৰা হয় ৷ নলবাৰীৰ পৰাই অসমৰ পাঁচখন শিক্ষানুষ্ঠানত এই দক্ষতা বিকাশ প্ৰশিক্ষণৰ শুভাৰম্ভ কৰা হয় ৷

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি ভাৰ্চুৱেলী কাজলগাঁও উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, নগাঁও উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, তিনিচুকীয়া উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু শোণিতপুৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত এই প্ৰশিক্ষণ ভাৰ্চুৱেলী মুকলি কৰে ৷ বিভিন্ন প্ৰযুক্তিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব এই দক্ষতা বিকাশ প্ৰশিক্ষণত ৷ ইণ্ডাষ্ট্ৰিজ ৰব’টিক আৰু প্ৰাৰম্ভিক ডিজাইন প্ৰশিক্ষণ হ’ব নলবাৰীৰ পলিটেকনিক ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি ভৱিষ্যতৰ শিক্ষা দক্ষতা বিকাশ হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷

লগতে পঢ়ক : গুৱাহাটীত ২৯৮ কোটি টকা ব্যয় সাপেক্ষ্যে নিৰ্মাণ হ'ব একতা মল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.