কলকাতাৰ জঘন্য ঘটনাৰ বিৰুদ্ধে কলগাছিয়াত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী - Kolkata Doctor Rape murder

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 11:02 PM IST

Updated : Aug 19, 2024, 11:08 PM IST

thumbnail
কলকাতাৰ জঘন্য ঘটনাক লৈ কলগাছিয়াত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী (ETV Bharat Assam)

জনীয়া, ১৯ আগষ্ট: কলকাতাৰ আৰ জি কৰ চিকিৎসালয়ত কনিষ্ঠ চিকিৎসকক অতি নৃশংসভাৱে ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ অসমতো প্ৰতিবাদ অব্যাহত আছে ৷ সোমবাৰৰ সন্ধিয়া বৃহত্তৰ কলগাছিয়া অঞ্চলৰ সমূহ চিকিৎসক, নাৰ্চ, স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীয়ে এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰি এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ প্লে-কাৰ্ড লৈ বৃহৎ শান্তি সমদল উলিয়াই দোষীক উচিত শাস্তি প্ৰদানৰ বাবে দাবী জনায় । প্ৰতিবাদী সমদলৰ পাছত প্ৰতিবাদকাৰীসকলে কলগাছিয়া চাৰিআলি চকত একত্ৰিত হৈ মম প্ৰজ্বলন কৰি কনিষ্ঠ চিকিৎসকগৰাকীক আত্মাৰ সদগতি কামনা কৰে । তেওঁলোকে দেশত যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰক শীঘ্ৰেই কঠোৰ আইন প্ৰণয়ন কৰিবলৈ দাবী জনায় ।

লগতে পঢ়ক: অভয়াকাণ্ডক লৈ ক্ৰমাৎ বৃদ্ধি ক্ষোভৰ অগনি: পশ্চিম বংগৰ ৰাজ্যপালৰ জৰুৰী বৈঠকৰ আহ্বান - Kolkata Doctor Rape murder

Last Updated : Aug 19, 2024, 11:08 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.