ঢেকীয়াজুলিত কৰ অধীক্ষকৰ কাৰ্যালয়ত অগ্নিকাণ্ডৰ ঘটনা - Massive Fire Breaks Out

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 8:49 PM IST

thumbnail
ঢেকীয়াজুলিত কৰ অধীক্ষকৰ কাৰ্যালয়ত অগ্নিকাণ্ড (ETV Bharat Assam)

তেজপুৰ, 21 জুলাই : শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত কৰ অধীক্ষকৰ কাৰ্যালয়ত অগ্নিকাণ্ড ৷ দেওবাৰে পুৱা এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ অগ্নিকাণ্ডত গুৰুত্বপূৰ্ণ কাৰ্যালয়টোৰ সম্পূৰ্ণ নথিপত্ৰ, কম্পিউটাৰ, আলমিৰাত থকা কাগজ-পত্ৰ জ্বলি ছাৰখাৰ হয় ৷

চাৰিমহলীয়া এপাৰ্টমেণ্টটোৰ দ্বিতীয় মহলাত অৱস্থিত আছিল কাৰ্যালয়টো ৷ পুৱা চাৰিমান বজাত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড ৷ কোনো দুষ্ট চক্ৰই অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ঘটনাৰ খবৰ লাভ কৰি অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷  

সৌভাগ্যক্ৰমে জুই অন্য কোনো মহলালৈ সম্প্ৰসাৰিত নোহোৱাত সকলো ৰক্ষা পৰে ৷ কাষতে থকা মিঠাচ নামৰ হোটেলখনৰ দৰ্জা বাহিৰৰ পৰা বন্ধ কৰি থোৱা প্ৰত্যক্ষ কৰি কোনো দুষ্ট চক্ৰই কাৰ্যালয়টোত অগ্নি সংযোগ কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক : এটুপি খোৱাপানীৰ বাবে ধেমাজিত বন্যাৰ্তৰ হাহাকাৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.