জোনাইত ভয়ংকৰ অগ্নিকাণ্ড, সৰ্বস্ব হেৰুৱালে দুটাকৈ পৰিয়ালে - Massive fire breaks out

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 1:18 PM IST

thumbnail
জোনাইত ভয়ংকৰ অগ্নিকাণ্ড (ETV Bharat Assam)

জোনাই, ২৯ জুন: জোনাইৰ তেলাম নেপালী জাৰপুম গাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জাহ গ’ল চাৰিটাকৈ বাসগৃহ ৷ জোনাইৰ তেলাম নেপালী জাৰপুম গাঁৱৰ নিবাসী দেৱাল পেগুৰ ঘৰৰ পৰা নিশা প্ৰায় এঘাৰ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ৷ পিচলৈ জুইৰ লেলিহান শিখাই কাষতে থকা হেমেন কুলি, তুলন সোণোৱাল আৰু নিৰুমাই পেগু নামৰ আন তিনিটা পৰিয়ালৰ বাসগৃহ আৱৰি ধৰে ৷  

ইয়াৰ পিছতে স্থানীয় ৰাইজে জোনাই অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ কিছু সময়ৰ পিচতে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে যদিও ইতিমধ্যে দেৱাল পেগু আৰু তুলন সোণোৱালৰ বাসগৃহ দুটা সম্পূৰ্ণৰূপে জুইত জাহ যায় । লগতে হেমেন কুলি আৰু নিৰুমাই পেগুৰ বাসগৃহটো আংশিকভাৱে ৰক্ষা পৰে ৷ এই ভয়ংকৰ অগ্নিকাণ্ডত চাৰিটা পৰিয়ালৰে সকলো সা-সম্পত্তি ভষ্মীভূত হয় ।

অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই । ইফালে সকলো হেৰুৱাই গৃহহীন হৈ পৰিছে দেৱাল পেগু, তুলন সোণোৱালৰ পৰিয়াল ৷ সেয়ে অগ্নিকাণ্ডত সমস্ত হেৰুওৱা পৰিয়ালসমূহক জোনাই মহকুমা প্ৰশাসন তথা চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালকেইটাই ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.