যোৰাবাটৰ ৰাজপথত পানী ফালি ফালি লখিমপুৰৰ কেবিনেটলৈ ওলাল মুখ্যমন্ত্ৰী - ARTIFICIAL FLOOD IN JORABAT

🎬 Watch Now: Feature Video

thumbnail

গুৱাহাটী, 3 ছেপ্টেম্বৰ: মঙলবাৰে দুপৰীয়া অহা এজাক বৰষুণ আৰু তাৰ পিছতেই জলমগ্ন যোৰাবাটৰ ৰাজপথ ৷  ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় এই ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা-যোৱা কৰা সাধাৰণ যাত্ৰীৰ মাজত ৷ যোৰাবাটৰ কৃত্ৰিম বানত ৰাইজে ককবকাই থকা সময়তে পানী ফালি পাৰ হৈ গ'ল মুখ্যমন্ত্ৰীৰ কনভয় । কাইলৈ লখিমপুৰত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে যোৱাৰ সময়ত পানী ফালি আগবাঢ়ি যোৱা দেখা গ’ল মুখ্যমন্ত্ৰীৰ কনভয় । 

ইফালে কৃত্ৰিম বানৰ ফলত যোৰাবাটত বিঘ্নিত হৈছে যাতায়ত, সৃষ্টি হৈছে ভীষণ যানজঁটৰ । এজাক বৰষুণ আহিলেই যোৰাবাট আৰু খানাপাৰাৰ লগতে গুৱাটীৰ বিভিন্ন স্থান জলমগ্ন হোৱাৰ দৃশ্য অতি সুলভ হৈ পৰিছে ৷ বৰষুণ আহিলেই যেন জলবন্দী হৈ পৰে অনিল নগৰ, নবীন নগৰ, চানমাৰি, ৰাজগড়, জু-ৰোড, হাতীগাঁও, ৰুক্মিণীগাঁও, বেলতলা আদিকে ধৰি বহু অঞ্চলৰ জনতা ৷ 

লগতে পঢ়ক: মহানগৰ নে মহাসাগৰ ? জলময় গুৱাহাটী - Guwahati Flash Flood

কৃত্ৰিম বান ৰোধৰ বাবে GMDA ৰ নিবিদা লাভ কৰিছে নেডাৰলেণ্ডৰ ৰয়েল হেক্সকন কোম্পানীয়ে: অশোক সিংহল - Artificial flood in Guwahati

গুৱাহাটীৰ বান ৰোধৰ বাবে মেঘালয়-অসমৰ যৌথ বিশেষজ্ঞ সমিতি : ৰুৰকী আই টি টি আৰু নেডাৰলেণ্ডৰ কোম্পানীক দায়িত্ব - Guwahati Artificial Flood

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.