thumbnail

আহাৰমহীয়া বানে ভাগিলে কৃষকৰ সপোন - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 5:31 PM IST

ধেমাজি,৬ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত আহাৰমহীয়া বানে কালৰূপ ধাৰণ কৰিছে । হাজাৰ হাজাৰ লোক বানৰ কৱলত পৰিছে । আনহাতে বানে বুৰাই পেলাইছে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি । যাৰ ফলত মূৰে-কপালে হাত দিবলগীয়া হৈছে সাধাৰণ কৃষকসকলে । ধেমাজি জিলাত গাই নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । নিতৌ বাঢ়িছে নৈৰ জলস্তৰ । ফলস্বৰূপে প্ৰতিদিনে শ শ বিঘা কৃষি ভূমি প্লাৱিত হৈছে । য'ত কৃষকৰ সপোনবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ পৰিছে ।

জিলাখনৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ ১নং বৰাচিৰা, ২ নং বৰাচিৰা, চুমনি, ঘিলাগুৰি, ৰঙাজান, ৩ নং ঘিলাগুৰি আদি কেইবাখনো গাঁও গাই নদীৰ বানৰ কৱলত পৰিছে । বিগত প্ৰায় এসপ্তাহ ধৰি পথাৰৰ আগতীয়া ধান আৰু কঠীয়াতলী পানীৰ তলত আছে ৷ একেদৰে বহুলোকৰ ঘৰ-মাটিও পানীত বুৰ গৈছে । গাই নদীৰ এটা অংশত মথাউৰি নিৰ্মাণ কৰিছে যদিও আন এটা অংশ মুকলি হৈ আছে ৷ যাৰ বাবে উন্মুক্ত অংশৰে পানী সোমাই বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰিছে ৷

সেয়ে গাই নদীৰ আনটো অংশটো মথাউৰি নিৰ্মাণ কৰিবলৈ সাধাৰণ ৰাইজে চৰকাৰক দাবী জনাইছে  ৷ উল্লেখ্য যে এই বছৰ বানত ধেমাজি জিলাৰ ৪ টা ৰাজহ চক্ৰৰ ভিতৰত জোনাই আৰু চিচিবৰগাঁও সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে ৷ চৰকাৰী তথ্য মতে ৫ জুলাইলৈকে ধেমাজি চিচিবৰগাঁও ৰাজহচক্ৰৰ অধীনত ৫৫ খন গাঁৱৰ ৪০,৪৭৪ লোক বানৰ কৱলত পৰিছে আৰু ৭০০ হেক্টৰ কৃষিভূমি নষ্ট হৈছে ৷

লগতে পঢ়ক :পানীত বুৰ যোৱা ধান কেইডৰালৈ চাই হুমুনিয়াহ কৃষকৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.