চৰাইদেউত ম'বাইল ফোন বিস্ফোৰিত হৈ গুৰুতৰভাৱে আহত যুৱক - Mobile Phone Exploded in Charaideo - MOBILE PHONE EXPLODED IN CHARAIDEO
🎬 Watch Now: Feature Video


Published : May 19, 2024, 9:24 PM IST
ডিব্ৰুগড়, 19 মে’: ম'বাইল ফোন ব্যৱহাৰ কৰোতে সাৱধান হ’বৰ হ’ল ৷ কিয়নো চৰাইদেউৰ সোণাৰিৰ মাইবেলাত ম'বাইল ফোনৰ বিস্ফোৰণ ঘটি এজন যুৱক আহত হৈছে । গুৰুতৰভাৱে আহত যুৱকজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে ।
ঘটনা অনুসৰি চৰাইদেউ সোণাৰিৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাইবেলাত নিশা লতিফ আলি নামৰ এজন যুৱকে পেন্টৰ জেপত ভৰাই থোৱা মোবাইল ফোনটো বিস্ফোৰিত হৈ যুৱকজনৰ দেহৰ তলৰ অংশ জ্বলি যায় । ঘটনাটো সংঘটিত হোৱাৰ পিচতে যুৱকজনক নিশাই ততালিকে সোণাৰিৰ এখন নাৰ্চিংহোমলৈ অনা হয় যদিও যুৱকজনৰ স্বাস্থ্যৰ অৱনতি হোৱা পৰিলক্ষিত হয় ৷
আহত যুৱকজনক পাচত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । এই ঘটনাই চৰাইদেউ জিলাখনৰ সচেতন ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক: ট্ৰাউজাৰৰ পকেটত মোবাইল বিস্ফোৰণ হৈ যুৱক আঘাতপ্ৰাপ্ত