মাজুলীত সৰ্প দংশনত এজন লোকৰ মৃত্যু - Snake bite - SNAKE BITE

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 9:41 AM IST

মাজুলী, 15 জুন : এক দুখজনক খবৰ ৷ শুকুৰবাৰে মাজুলীত সৰ্প দংশনৰ ফলত এজন লোকৰ মৃত্যু হৈছে । মৃত লোকজন মাজুলীৰ বৰালিমৰা গাঁৱৰ জিতেন দলে (30) বুলি জানিব পৰা গৈছে ৷

মৃত লোকজনৰ পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি, শুকুৰবাৰে দুপৰীয়াৰ ভাগত গৰুক পানী খুৱাবলৈ গৈছিল জিতেন দলে ৷ তেতিয়াই জিতেনক সৰ্পই দংশন কৰে ৷ তাৰ পাচতে জিতেনক ততাতৈয়াকৈ গড়মূৰ পিতাম্বৰ দেৱ অসামৰিক জিলা চিকিৎসালয়লৈ নিয়া হয়  ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱা পৰলৈকে জীৱিত অৱস্থাতে আছিল যুৱকজন ।

কিন্তু উপযুক্ত সময়ত এন্টি ভেনাম নিদিয়াৰ ফলতেই  চিকিৎসালয়খনৰ ICU ত মৃত্যু মুখত পৰে যুৱকজন । চিকৎসকৰ গাফিলটিৰ বাবেই জিতেন দলে মৃত্যু মুখত পৰে বুলি তেওঁৰ পৰিয়ালৰ লোকে দাবী কৰে । চিকিৎসকে মৃত বুলি ঘোষণা কৰা পিছতো পৰিয়ালৰ লোকে মৃত যুৱকজনক জেংৰাইমূখৰ চেন্ট পল বিদ্যালয়লৈ আনে যদিও চেন্ট পল স্কুলতো মৃত বুলিয়েই কয় ব্যক্তিজনক ।

লগতে পঢ়ক : অন কেমেৰা সৰ্প দংশনত গোলাঘাটৰ ব্যক্তিৰ মৃত্যু - MAN DIES FROM SNAKE BITE

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.