খোজকাঢ়ি গৈ থকা অৱস্থাত কুঁৱাত পিচলি পৰিল যুৱক, হাহাকাৰ পৰিস্থিতি - man slipped into well

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 1:27 PM IST

thumbnail
খোজ কাঢ়ি গৈ থকা অৱস্থাত কুঁৱাত পিচলি পৰিল যুৱক, হাহাকাৰ পৰিস্থিতি (ETV BHARAT ASSAM)

শিলচৰ, 14 জুন : কাছাৰ জিলাৰ উধাৰবন্ধৰ অৰুণাবন্দ চাহ বাগিচাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । কুঁৱাত পৰিল কাৰ্তিক মুণ্ডা নামৰ এক যুৱক । অৱশ্য়ে SDRF ৰ অভিযানৰ ফলত কুঁৱাৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হয় যুৱকজনক । শুকুৰবাৰে পুৱাৰ ভাগত কাছাৰৰ উধাৰবন্ধ অৰুণাবন্দ চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা । কুঁৱাত পৰাৰ ফলত গুৰুতৰভাৱে আহত হৈছে কাৰ্তিক মুণ্ডা ।

জানিব পৰা মতে, পৰিত্যক্ত কুঁৱাটোত ভৰি পিচলি পৰে কাৰ্তিকৰ । লগে লগে কাৰ্তিকে হুলস্থূল কৰাৰ ফলত স্থানীয় লোকসকলে তেওঁক কুৱাৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই যদিও বিফল হয় । লগে লগে স্থানীয় লোকে SDRF বাহিনীক খবৰ দিয়ে । তাৰ পিচতে SDRF ৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ কেইবাঘণ্টা অভিযান চলাই কুঁৱাৰ পৰা অচেতন অৱস্থাত যুৱকজনক উদ্ধাৰ কৰি SMCH লৈ প্ৰেৰণ কৰে । বৰ্তমান যুৱকজন সংকটজনক অৱস্থাত SMCH ত চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক: বৰপেটাৰ ডাম্পিং গ্ৰাউণ্ডত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.