বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীৰ নাম দুই-এদিনতে ঘোষণা হ'ব: লুৰীণজ্যোতি গগৈ - বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 9:46 AM IST

ডিব্ৰুগড়, 7 মাৰ্চ : ‘‘বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীৰ নাম দুই-এদিনতে ঘোষণা হ'ব । তৃণমূল কংগ্ৰেছ সন্দৰ্ভত, আপ সন্দৰ্ভত কোনে কোনে খেলিব, কি ৰণনীতি হ'ব অহা দুই এদিনতে স্পষ্ট হ'ব ।’’ বুধবাৰে এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

সমাগত লোকসভা নিৰ্বাচন । শাসকীয় দলৰ সমান্তৰালকৈ বিৰোধী ঐক্য মঞ্চৰ হৈ ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী কোন হ’ব এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিক সমালোচনা কৰে লুৰীণজ্যোতি গগৈয়ে ৷

ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক তীব্ৰ বাক্যবাণেৰে সমালোচনা কৰি অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয়, ‘‘আমি বেলেগৰ দৰে পৰিভ্ৰমী পক্ষী নহয় । মন গ'লে এটা সমষ্টিলৈ যাম ৷ তাত ৰাইজ আশা আকাংক্ষাৰ পুৰণ কৰিব নোৱাৰি আকৌ মন গ’লে আন এটা সমষ্টিলৈ যাম । কিন্তু মই এবাৰ কথা দিয়াৰ পাচত প্ৰাণ গ’লেও কথা সলনি নহয় ৰাইজে জানে’’ ।

বিজেপি সক্ৰিয় দল বুলি কৈ থকাৰ পাচতো কিয় বৰ্তমানৰ সাংসদৰ টিকট কাটি আন এজনক প্ৰাৰ্থী দিব লগা হৈছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে । ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিৰ শক্তি কিমান তাৰ প্ৰমাণ হৈ গৈছে বুলিও কয় গগৈয়ে ।

লগতে পঢ়ক : লুৰীণজ্যোতি গগৈক পৰাজিত নায়ক আখ্যা ভৱেশ কলিতাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.