ডিব্ৰুগড়ত মৃত অৱস্থাত নাহৰফুটুকী উদ্ধাৰ

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 10:42 PM IST

thumbnail

ডিব্ৰুগড়, 27 জানুৱাৰী : শনিবাৰে ডিব্ৰুগড় জিলাৰ টেঙাখাতৰ পাখৰিজনীয়াত নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ ঘটনা অনুসৰি, গাঁওখনৰ চৰণীয়া পথাৰত এগৰাকী মহিলাই খৰি বিচাৰি থাকোতে বাঘটো মৃত অৱস্থাত প্ৰত্যক্ষ কৰিছিল ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকে টেঙাখাত আৰক্ষীক খবৰ দিয়ে ৷ ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ বাঘটোৰ মৃত্যুৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ ইতিমধ্যে, মৃত বাঘটো উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰত বাঘৰ সন্ত্ৰাসৰ বাবে বছৰৰ পাছত বছৰ সমস্যাত পৰিব লগা হৈছিল ৰাইজ ৷ বন বিভাগে জিলাখনৰ বিভিন্ন প্ৰান্তৰত বাঘ পিঞ্জৰাবদ্ধ কৰিছে যদিও বাঘৰ উপদ্ৰৱ কমা নাছিল ৷ কিন্তু শনিবাৰে আবেলি টেঙাখাত আৰক্ষী থানাৰ অধীনস্থ পাখৰিজনীয়া গাঁৱত ৰহস্যজনক অৱস্থাত মৃত অৱস্থাত নাহৰফুটুকীৰ উদ্ধাৰ হোৱাৰ পাচতে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক :আৰম্ভ হ’ল তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.