মাজনিশা মহানগৰীত বনৰজাৰ নৈশভ্ৰমণ - Leopard terror in guwahati

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 1:22 PM IST

thumbnail
গাৰ্লছ পলিটেকনিক চৌহদত নাহৰফুটুকীৰ মুক্ত বিচৰণ (ETV Bharat Assam)

গুৱাহাটী, 26 জুন: নিশাৰ মহানগৰীত বাঘৰ মুক্ত বিচৰণ । মঙলবাৰৰ নিশা মহানগৰীৰ বামুণীমৈদামত অৱস্থিত গাৰ্লছ পলিটেকনিক চৌহদত প্ৰত্যক্ষ কৰা হয় এটা নাহৰফুটুকীৰ বিচৰণ । নাহৰফুটুকী বাঘটোৱে পলিটেকনিকৰ দেৱালত বগাই ফুৰা দেখিবলৈ পোৱা গৈছে । 

জানিব পৰা মতে, শৈক্ষিক প্ৰতিষ্ঠানখনৰ আৱাসৰ এগৰাকী ছাত্ৰীয়ে ম’বাইলৰ কেমেৰাত বন্দী কৰে নাহৰফুটুকী বাঘটোৰ বিচৰণৰ দৃশ্য । এই দৃশ্য প্ৰত্যক্ষ কৰি স্বাভাৱিকতে আতংকিত হৈ পৰে হোষ্টেলটোত থকা ছাত্ৰীসকল । অৱশ্যে কিছুসময় বাঘটোৱে পলিটেকনিকৰ চৌহদত বিচৰণ কৰাৰ পিছত পিছফালে থকা জংঘলৰ ফালে যায় । নাহৰফুটুকীটো চিৰিয়াখানাৰ পৰা ওলাই অহা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.