ৰে’লৱে বিভাগৰ ৰড উদ্ধাৰ ধাননি পথাৰত : গোচৰ ৰুজু - Rods recovered in Jonai - RODS RECOVERED IN JONAI
🎬 Watch Now: Feature Video
Published : Aug 21, 2024, 4:38 PM IST
জোনাই, 21 আগষ্ট: জোনাইৰ এখন ধাননি পথাৰত উদ্ধাৰ কুইণ্টলে কুইণ্টলে চুৰি ৰড ৷ জানিব পৰা মতে, জোনাইৰ 1 নং মূৰ্কংচেলেক গাঁৱৰ এজন ব্যক্তিৰ ধাননি পথাৰত মঙলবাৰৰ পুৱা প্ৰত্যক্ষ কৰা হয় চুৰি কৰি লুকাই ৰখা অৱস্থাত প্ৰায় 7 কুইণ্টল ৰড ৷ লগে লগে পথাৰখনৰ গৰাকীয়ে চুৰি কৰি ধাননিৰ মাজত লুকাই ৰখা ৰড সম্পৰ্কে আৰক্ষীক জনায় ৷
আৰক্ষীয়ে উক্ত ৰডবোৰ ৰে’লৱে বিভাগে মূৰ্কংচেলেক ৰে’ল ষ্টেচনৰ পৰা পাচিঘাটলৈ নিৰ্মাণ কৰি থকা ৰে’লৱে পথৰ 1 নং মূৰ্কংচেলেকস্থিত নিৰ্মীয়মাণ 5 নং দলঙৰ বাবে মজুত কৰি ৰখা ৰড বুলি জানিবলৈ দিয়ে ৷ সোমবাৰৰ নিশা উক্ত ৰডবোৰ দুৰ্বৃত্তই চুৰি কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে জোনাই আৰক্ষীয়ে ৷
পৰৱৰ্তী সময়ত জোনাই আৰক্ষীয়ে চুৰি কৰা ৰডখিনি উদ্ধাৰ কৰে ৷
ৰে’লৱেৰ উক্ত নিৰ্মাণস্থলীত শ্ৰমিক আৰু নৈশ চকীদাৰ থকাৰ পিছতো কেনেকৈ আৰু কোনে প্ৰায় 7 কুইণ্টল ৰড এনেদৰে চুৰি কৰিবলৈ সাহস কৰিলে সেয়াও অৱশ্যে সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ৷
ইফালে, এই চুৰিৰ ঘটনা সন্দৰ্ভত ৰে’লৱে পথ নিৰ্মাণ সংস্থাই জোনাই থানাত এক গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে ৷