thumbnail

By ETV Bharat Assamese Team

Published : 2 hours ago

ETV Bharat / Videos

প্ৰচণ্ড গৰমত প্ৰাণ হেৰুৱালে আৰক্ষী জোৱানে - Heat Stroke Death

জোনাই, ২৫ ছেপ্টেম্বৰ: আহিনতো ৰাজ্য়ত অব্য়াহত গ্ৰীষ্ম প্ৰৱাহ । উৎকট গৰমত সকলোৰে সহ্যৰ সীমা পাৰ হৈছে ৷ প্ৰচণ্ড গৰম আৰু বিদ্য়ুতৰ সঘন লুকাভাকুৰ বাবে বিগত কেইবাদিনো ধৰি ৰাজ্যবাসী চটফটাইছে অসহনীয় উত্তাপত । শৰীৰে যেন এই তাপ সহ্য় কৰিব নোৱৰা হৈছে । গৰম সহ্য় কৰিব নোৱাৰি ঢলি পৰিছে বহুতেই । ৰাজ্য়ত কেইবাজনো লোকে হেৰুৱালে প্ৰাণ ।

ৰাজ্যত চলি থকা প্ৰচণ্ড গৰমৰ বাবে প্ৰাণ হেৰুৱালে ১৩ এপিবিএন বাহিনীত কৰ্মৰত জোনাইৰ এজন লেন্স নায়কে ৷ জোনাই কাংকান নগৰ গাঁৱৰ লেন্স নায়ক ৰোৱাদ পেগুৱে যোৱা সোমবাৰে লখিমপুৰৰ লীলাবাৰীস্থিত ১৩ এপিবিএনৰ মুখ্য কাৰ্যালয়ত কৰ্তব্য় সম্পাদন কৰি থকাৰ সময়তে অত্যধিক গৰমৰ বাবে অসুস্থ হৈ পৰে ৷ লগে লগে তেওঁক চিকিৎসালয়লৈ নিয়ে যদিও গুৰুতৰভাৱে অসুস্থ হৈ পৰাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । তাত চিকিৎসকে তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷  

আনহাতে, মঙলবাৰে সন্ধিয়া লেন্সনায়কজনৰ নশ্বৰদেহ নিজা ঘৰলৈ অনাত এক শোকাকুল পৰিৱেশ বিৰাজ কৰে ৷ ইয়াৰ পিচতেই গাৰ্ড অৱ অনাৰৰে শেষ বিদায় জনায় আৰক্ষী জোৱানজনক ।

লগতে পঢ়ক:উৎকট গৰমে প্ৰাণ ল’লে দেৰগাঁৱৰ যুৱকৰ, আগন্তুক ৭ দিনতো গৰম কমাৰ সম্ভাৱনা নাই - Heat Stroke Death

যোৰহাটত গ্ৰীষ্মপ্ৰবাহত দুজন লোকৰ কৰুণ মৃত্যু - Heatstroke in Jorhat

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.