টীয়কত বৃহৎ পৰিমাণৰ নিষিদ্ধ লালী গুৰ নষ্ট - Lali Gur destroyed in Teok - LALI GUR DESTROYED IN TEOK

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 10:21 AM IST

টীয়ক, 17 আগষ্ট: অসম চৰকাৰে লালী গুৰৰ সৰবৰাহ তথা বিক্ৰী নিষিদ্ধ ঘোষণা কৰিছিল যদিও ৰাজ্যখনৰ বহু ঠাইত লালী গুৰৰ সৰবৰাহ অব্যাহত থকা পৰিলক্ষিত হৈছে । যোৰহাট জিলাত শেহতীয়াকৈ উদ্ধাৰ হৈছে লালী গুৰ ৷ টীয়ক আৰক্ষীৰ সহযোগত টীয়ক চক্ৰৰ আবকাৰী বিভাগে যোৰহাট জিলাৰ চেলেংহাটৰ সমীপত এখন গাড়ীৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় নিষিদ্ধ লালী গুৰ ৷ আদালতৰ নিৰ্দেশমৰ্মে আবকাৰী বিভাগে নষ্ট কৰি পেলায় লালী গুৰখিনি । 

জানিব পৰা মতে, AS O4 CC 0564 নম্বৰৰ এখন ট্ৰাকত 25 জুলাইৰ দিনা ধেমাজিৰ পৰা যোৰহাটলৈ অনা হৈছিল লালী গুৰখিনি । যোৰহাটৰ এখন দোকানত একাংশ লালী গুৰ নমাই বাকী অংশ চেলেংহাট অঞ্চললৈ লৈ যোৱাৰ সময়তে আবকাৰী বিভাগ জব্দ কৰিবলৈ সক্ষম হয় লালী গুৰখিনি । 

পৰৱৰ্তী সময়ত আদালতে প্ৰদান কৰা নিৰ্দেশৰ ভিত্তিত টীয়ক আৰক্ষীয়ে থানা চৌহদত গুৰখিনি নষ্ট কৰি পেলায় । 

লালী গুৰখিনিৰ বজাৰ মূল্য প্ৰায় 90,000 টকা ৷

উক্ত সময়ত আবকাৰী বিভাগৰ যোৰহাটৰ সহকাৰী আয়ুক্ত অনকণ জ্যোতি ফুকন, টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গংগা ফুকন, আবকাৰী বিভাগৰ সদৰৰ পৰিদৰ্শক নীল কমল পাঠক আৰু টীয়ক চক্ৰৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক বিশ্বদ্বীপ বৰুৱা উপস্থিত আছিল ।

লগতে পঢ়ক: ৰাজ্যত সক্ৰিয় ড্ৰাগছৰ অবৈধ বেহা: নগাঁৱত একেদিনাই আটক 27 জনকৈ ড্ৰাগছ সৰবৰাহকাৰী - DRUG PEDDLERS ARRESTED

নগাঁৱত ড্ৰাগছৰ পোহাৰ: লক্ষাধিক টকা-ড্ৰাগছসহ জালত মহিলা সৰবৰাহকাৰী - Drug peddlers arrested

কোন সঁচা কোন মিচা ? অবৈধ সুৰা ব্যৱসায়ী আৰু আৱকাৰী বিষয়াৰ অভিযোগ-প্ৰতিঅভিযোগ - Arunachal liquor seized in Jonai

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.