অট্টালিকাৰ পঞ্চম মহলাৰ পৰা পৰি মৃত্যু শ্ৰমিকৰ - Tragic Incident In Bongaigaon

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 9:44 PM IST

thumbnail
বঙাইগাঁৱত মৃত্যু শ্ৰমিকৰ (ETV Bharat Assam)

বঙাইগাঁও, ১৮ আগষ্ট: বঙাইগাঁও চহৰত দেওবাৰে সংঘটিত হয় এক কৰুণ ঘটনা । চহৰখনৰ বৰো বজাৰত নিৰ্মীয়মান চৰকাৰী অট্টালিকাত কাম কৰি থাকোতেই পঞ্চম মহলাৰ চাদৰ পৰা পৰি এজন শ্ৰমিকৰ মৃত্যু হয় । কাম কৰি থকোতে অট্টালিকাৰ পৰা পৰি মৃত্যুক সাৱতি লয় আব্দুল কায়েম নামৰ শ্ৰমিকজনে । মৃত আব্দুল কয়েমৰ ঘৰ কাবাইটাৰীত ।

এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত শ্ৰমিকজনক ল'ৱাৰ আসাম হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তাতেই তেওঁৰ মৃত্য়ু হয় । ছেফটি বেল্ট পৰিধান নকৰা বাবেই এই ঘটনা সংঘটিত হোৱা বুলি মন্তব্য় কৰিছে কৰ্মৰত এজন শ্ৰমিকে ।  

একাংশ শ্ৰমিকে অভিযোগ উত্থাপন কৰি কয় যে ঠিকাদাৰে ছেফটি বেল্ট আদিৰ যোগান ধৰি দায়িত্ব সামৰে । এই বেল্টৰ উচিত ব্যবহাৰ হয় নে নহয় সেয়া ঠিকাদাৰ আৰু ছুপাৰভাইজাৰে খবৰ নকৰে বুলিও এই শ্ৰমিকসকলে অভিযোগ উত্থাপন কৰিছে ।  

লগতে পঢ়ক:তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ গাত সৰি পৰিল চিলিং - Tinsukia Medical College Hospital

সপ্তম মহলাৰ পৰি ৰহস্যজনক মৃত্যু মহিলাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.