ৰাইজৰ তেজ শুহি দীপাৱলী পতাৰ অভিযোগ কৃষক মুক্তিৰ
Published : 2 hours ago
তিতাবৰ: ডকাইতৰূপী স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যত ব্যপক প্ৰতিবাদ চলি থকাৰ মাজতে ৰাইজক মূৰত ৰাম টাঙোন সোধাই গুৱাহাটীৰ বিজুলী ভৱনত আগতীয়া দীপাৱলী উদযাপনত ব্যস্ত থকাৰ অভিযোগ বিয়াগোম বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে । ৰাইজৰ তেজ শুহি খোৱা স্মাৰ্ট মিটাৰৰ মাচুল বৃদ্ধিৰে ৰাইজক জুৰুলা কৰাৰ সময়ত প্ৰি-দীপাৱলী উদযাপন কৰিছে কাৰ্যালয়ৰ মুৰব্বীসকলে ।
ইয়াৰ মাজতে ৰাজ্যৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়সমূহত আজি তাৎক্ষণিক পৰিদৰ্শন কৰি বিদ্যুৎ বিভাগৰ মুৰব্বী বিষয়াসকলৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতি । তিতাবৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত কোনো বিষয়া-কৰ্মচাৰী নেদেখি গৰজি উঠে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া । ইফালে চাৰিগুণ পৰ্যন্ত মাচুল বৃদ্ধি হ'বলৈ ধৰাত ৰাইজে অতিষ্ঠ হৈ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ এৰুৱাই আনি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত জমা দিয়ে ।