খেল মহাৰণৰ ৰাজ্যিক পৰ্যায়ৰ কাবাডী প্ৰতিযোগিতা - Sports and Youth Welfare Department
🎬 Watch Now: Feature Video
Published : Mar 4, 2024, 7:35 PM IST
গুৱাহাটী, ৪ মাৰ্চ: অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে অসম খেল মহাৰণৰ ৰাজ্যিক পৰ্যায়ৰ কাবাডী প্ৰতিযোগিতা । কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু কামৰূপ মহানগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত শুভাৰম্ভণি কৰা হয় এই অনুষ্ঠানৰ ।
১৯ বছৰ অনুৰ্দ্ধ আৰু উৰ্দ্ধৰ ল'ৰা আৰু ছোৱালীৰ চাৰিটা শাখাত অনুষ্ঠিত হৈছে কাবাডী প্ৰতিযোগিতাখন । অহা ৮ মাৰ্চলৈ চলিব লগা এই প্ৰতিযোগিতাখনত ৰাজ্যৰ ৩৪ খন জিলাৰ ১৮০০ খেলুৱৈ অংশগ্ৰহণ কৰিছে । এই প্ৰতিযোগিতা সমূহৰ দ্বাৰা খেলুৱৈসকলক ভবিষ্যতে আগুৱাই নিয়াৰ লক্ষ্য় নিৰ্ধাৰণ কৰা বুল কয় অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক অলোক ত্ৰিপাঠীয়ে । এই প্ৰতিযোগিতাৰ পৰা পদক নহয় যেন ভাল ভাল স্মৃতি লৈ যাব পাৰে সেই হিচাপে খেলি যাবলৈও পৰামৰ্শ আগবঢ়াই উদ্যোক্তাসকলে ।
এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কে জে হিলালী, কামৰূপ মহানগৰৰ অতিৰিক্ত জিলা আয়ুক্ত ড৹ ধ্ৰুৱজ্যোতি হাজৰিকা, অসম কাবাডী সন্থাৰ সাধাৰণ সম্পাদক অলোক ত্ৰিপাঠী প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ।
লগতে পঢ়ক:খেল মহাৰণত অনুৰ্দ্ধ ১৯ বছৰৰ ছোৱালী ফুটবল দলৰ খেলুৱৈৰ বিৰুদ্ধে বয়স ফাঁকিৰ অভিযোগ