মুখ্যমন্ত্ৰী এতিয়া অস্ত্ৰহীন:গৌৰৱ গগৈ - MP Gaurav Gogoi

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 2:26 PM IST

thumbnail
মুখ্যমন্ত্ৰী এতিয়া অস্ত্ৰহীন:গৌৰৱ গগৈ (ETV Bharat)

ৰঙিয়া,৩০ আগষ্ট : "মুখ‍্যমন্ত্ৰী বৰ্তমান অস্ত্ৰহীন । তেওঁ এতিয়া পাংচাৰ হোৱা দলত বতাহ ভৰাবলৈ চেষ্টা কৰিছে । তেওঁ এআইইউডিএফ দলটোক পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰিছে । মৌলানা আজমল ডাঙৰীয়াক কেনেদৰে আকৌ ৰাজনৈতিকভাৱে সক্ৰিয় কৰিব পাৰি তাৰ বাবে তেওঁ গোটেই এটা পৰিৱেশ সৃষ্টি কৰিব চেষ্টা কৰিছে ।" অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এনেদৰে আক্ৰমণ কৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ।

নলবাৰীত অনুষ্ঠিত দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পথত ৰঙিয়াত কিছু সময়ৰ বাবে দলীয় সতীৰ্থসকলৰ সৈতে মত বিনিময় কৰে সাংসদগৰাকীয়ে । সেই সময়তে তেওঁ মুখ্যমন্ত্ৰী আৰু এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ সম্পৰ্কৰ কথা উল্লেখ কৰে ।

ইফালে নাৰী সুৰক্ষা সম্পৰ্কে সাংসদগৰাকীয়ে কয়, "প্ৰশাসনক দোষ দিয়াৰ পূৰ্বে আমাৰ সমাজত পুৰুষ যিমান আছে আমি সকলোৱে দায়িত্ব ল'ব লাগিব । এগৰাকী ভাতৃ, এজন অভিভাৱক, এজন স্বামী, এজন পুৰুষ, এজন নাগৰিক হিচাপে, পৰিয়ালৰ এজন সদস্য হিচাপে, সমাজৰ এজন সচেতন ব‍্যক্তি হিচাপে যেতিয়ালৈকে পুৰুষ সমাজে নিজকে শুদ্ধ কৰিব নোৱাৰে, যেতিয়ালৈকে আদৰ্শ পুৰুষ হ'ব নোৱাৰে তেতিয়ালৈকে আমাৰ এনেধৰণৰ সমস্যা হৈ থাকিব ।"

লগতে পঢ়ক :জনজাতিকৰণৰ দাবীত দিল্লীত প্ৰতিবাদত বহিব আহোম জনগোষ্ঠীয় সংগঠন - Ahom demands ST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.