ৰঙিয়া : আৰ্থিক অনাতনৰ বাবে শিক্ষাজীৱন আধাতে সামৰি জীৱনৰ প্ৰত্যাহ্বান নেওচি স্বাৱলম্বী হোৱা এজন যুৱক । পেটৰ তাড়নাত দিন হাজিৰা কৰা আৰু পিচত কোম্পানীত চাকৰি কৰি মনত শান্তি নোপোৱা যুৱকজনে এদিন আনে নকৰা কাম এটা কৰিবলৈ সিদ্ধান্ত ল'লে । ধনৰ বাবে শিক্ষা সমাপ্ত কৰিব নোৱৰা যুৱকজনে আৰম্ভ কৰিলে ভ্ৰাম্য়মাণ বুক ষ্টল । এক নতুন চিন্তাৰে আৰম্ভ কৰা এই বুক ষ্টলেৰে আজি সফলতাৰ পথত খোজ পেলাবলৈ সক্ষম হৈছে যুৱকজন ।
আৰ্থিক দৈন্য, আধৰুৱা শিক্ষা, ক'ভিডকালীন পৰিস্থিতিক নেওচি জীৱনৰ প্ৰত্যাহ্বান হাঁহিমুখে গ্ৰহণ কৰি ক্ষুদ্ৰ ব্যৱসায়েৰে জীৱন নিৰ্বাহ কৰা যুৱকজন হৈছে ৰঙিয়াৰ অখিল ডেকা । ৰঙিয়াৰ কেকেনীকুছিৰ ৩৩ বছৰীয়া অখিল ডেকাই নিজৰ বাইকখনকেই ভ্ৰাম্যমাণ কিতাপৰ দোকানৰ ৰূপ দি এক অনন্য উদ্যোগ আৰম্ভ কৰিছে । তেওঁ বিভিন্ন ঠাইত ঘূৰি ছাত্র-ছাত্ৰীসকলৰ বাবে প্ৰয়োজনীয় শিক্ষা সামগ্ৰী সহজলভ্য কৰি তুলিছে ।
শৃংখলাবদ্ধ আৰু পৰিপাটি সাজপাৰৰ লগতে সুমধুৰ আচৰণেৰে গ্ৰাহকৰ মন জয় কৰা অখিল যুৱ সমাজৰ বাবে স্বনিৰ্ভৰশীলতাৰ এক সুন্দৰ উদাহৰণ । ৰঙিয়াৰ ভিতৰুৱা অঞ্চলসমূহত য'ত কিতাপৰ দোকানৰ অভাৱ, তেনে ঠাইত অখিলে ছাত্র-ছাত্ৰীসকলৰ প্ৰয়োজনীয় উপকৰণ যোগান ধৰি শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে ।
জীৱন চক্ৰ সলনি:
এই সন্দৰ্ভত যুৱকজনে মনৰ ভাৱ ব্যক্ত কৰি কয়, "মই আৰ্থিকভাৱে দুৰ্বল । ঘৰুৱা সমস্যাৰ বাবে সময়ত মই মোৰ পঢ়া সম্পূৰ্ণ কৰিব নোৱাৰিলো । কিন্তু এতিয়া এনেদৰে ছাত্র-ছাত্ৰীসকলৰ অধ্যয়নৰ ক্ষেত্ৰত কিছু হ'লেও কাম কৰিব পাৰি মই সুখী হৈছো ।" যি সময়ত আৰ্থিক অনাতন আৰু আধৰুৱা শিক্ষাৰ বাবে হাজিৰা কাম কৰাৰ লগতে ব্যক্তিগত খণ্ডত শ্ৰমিক হিচাপে আছিল, সেই যুৱকজনে ২০১৮ চনত ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি আজি আত্মনিৰ্ভৰশীল হৈ পৰিছে ।

কিয় ভ্ৰাম্য়মান কিতাপৰ দোকান দিলে অখিলে ?
তেওঁ লগতে কয় ,"মোৰ আৰ্থিক অৱস্থা দুৰ্বল বাবে স্থায়ীভাৱে এখন দোকান দিব নোৱাৰো । আনহাতে, চহৰাঞ্চলত কিতাপৰ যথেষ্ট দোকান আছে । মই মটৰ চাইকেলখনতেই ছাত্র- ছাত্ৰীসকলৰ প্ৰয়োজনীয় সামগ্ৰী লৈ ৰঙিয়াৰ ভিতৰুৱা অঞ্চললৈ যাওঁ । আনহাতে, কেতিয়াবা ছাত্র-ছাত্ৰীসকলে আগতীয়াকৈ তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীৰ বিষয়ে মোক জনায় আৰু ময়ো এদিন বা দুদিন পিছত সামগ্ৰী সমূহ তেওঁলোকৰ ঘৰলৈ গৈ যোগান ধৰো । "
নিজৰ লগতে পিতৃ-মাতৃৰ ভৰণ-পোষণ বহন কৰি অখিলে বৰ্তমান সুখী জীৱন অতিবাহিত কৰি আছে । ভৱিষ্যতে নিজৰ ব্যৱসায় আৰু অধিক বিস্তৃত কৰাৰ সপোন দেখা অখিল ডেকাই অসমীয়াৰ যুৱকসকলক কম মুনাফাৰ চাকৰি কৰাৰ সলনি সৰু পূঁজিতে নিজৰ উদ্যোগ আৰম্ভ কৰিবলৈ আহ্বান জনায় । উদ্যম,অধ্যৱসায় আৰু আত্মবিশ্বাসৰে যিকোনো বাধা অতিক্ৰম কৰি সফলতাৰ পথত যে আগুৱাব পাৰি অখিল ডেকাৰ জীৱনটো তাৰ স্পষ্ট উদাহৰণ ।